মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Clash : গুলীচালনাৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল- আমি মিজোৰামৰ লগত যুদ্ধ নকৰোঁ।

Assam-Mizoram Border Clash : গুলীচালনাৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল- আমি মিজোৰামৰ লগত যুদ্ধ নকৰোঁ।

News18 Assam | News18-Assam
Updated:July 27, 2021, 6:27 PM IST
Assam-Mizoram Border Clash : গুলীচালনাৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল- আমি মিজোৰামৰ লগত যুদ্ধ নকৰোঁ।
"আমি মিজোৰ লগত যুদ্ধ নকৰোঁ। কিন্তু আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। ইয়াৰ বাবে হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ান স্থাপন কৰিব অসম চৰকাৰে ।"

"আমি মিজোৰ লগত যুদ্ধ নকৰোঁ। কিন্তু আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। ইয়াৰ বাবে হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ান স্থাপন কৰিব অসম চৰকাৰে ।"

  • Share this:
অসম আৰক্ষীৰ ওপৰত মিজোৰামৰ আক্ৰমণৰ পিছত সংবাদমেলত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়-

মিজোৰামৰ লোকে বিগত ছয়মাহ ধৰি অসমৰ ভূমি বেদখলৰ চেষ্টা কৰি আহিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক মই সীমা সমস্যা সমাধানৰ কথা কৈছো। ছেটেলাইটেৰে সীমা নিৰ্ধাৰণ কৰিবলৈ আমি পৰামৰ্শ দিছিলোঁ। বিগত এমাহ ধৰি বৰাকৰ হাইলাকান্দি আৰু কাছাৰত এই বেদখল চলি আছে।

আধা ঘণ্টা ধৰি মিজোৰামৰ তৰফৰ পৰা অসমলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল। এই ঘটনাৰ পিছতেই মই ছয়বাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলোঁ। কিন্তু গুলীচালনাৰ ঘটনাৰ পিছত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ কৈছে আই এম ভেৰী ভেৰী ছৰী। এই মন্তব্য হিমন্ত বিশ্বৰ.

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,  "আমি মিজোৰ লগত যুদ্ধ নকৰোঁ। কিন্তু আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। ইয়াৰ বাবে হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ান স্থাপন কৰিব অসম চৰকাৰে ।"

আমি নিৰাপত্তা দি হ'লেও মিজোৰামলৈ খাদ্য কঢ়িওৱা গাড়ী পঠিয়াম।  মিজোৰামে অসমৰ ভূমি নতুনকৈ ল'ব পৰা নাই। মিজোৰামে ভাৰত চৰকাৰৰ নিৰ্দেশ উলংঘা কৰিছে। নিজৰ দেশৰ মানুহক গুলীয়াই হত্যা কৰা ঘটনা নজিৰবিহীন।

উল্লেখ্য যে  আহত কাছাৰৰ আৰক্ষী অধীক্ষকক উন্নত চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয়, শ্বহীদ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালক ৫০ লাখ টকাকৈ দিব চৰকাৰে। পৰিয়ালৰ এজনকৈ লোকক চাকৰিও দিব চৰকাৰে। আহত ৪২ জন লোকক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক লাখকৈ টকা দিব।
Published by: Manjumoni Borah
First published: July 27, 2021, 1:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি