কোভিড–১৯ৰ বিৰুদ্ধে যুঁজত সফল হ’ব চৰকাৰ – ক'লে মুখ্যমন্ত্ৰী সোণোৱালে

- News18 Assam
- Last Updated: July 3, 2020, 7:07 PM IST
স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গই মুখ্যমন্ত্ৰীক তাত থকা বিভিন্ন সা-সুবিধাৰ সবিশেষ অৱগত কৰে৷ উল্লেখ্য যে আই আই টি গুৱাহাটীৰ চৌহদত স্থাপন কৰি থকা কোভিড কেয়াৰ চেণ্টাৰত ৮০০ আইছ’লেচন বেড তথা মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত স্থাপন কৰি থকা কোভিড কেয়াৰ চেণ্টাৰত প্ৰায় ৪৪০খন আইছ’লেচন বেড উপলব্ধ হ’ব৷
"কোভিড-১৯ৰ বিৰুদ্ধে চলাই থকা যুঁজখনত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস চলাইছে, যাতে কোভিড আক্ৰান্ত ব্যক্তিক উন্নত চিকিৎসা সেৱাকে ধৰি উপযুক্ত সা-সুবিধা প্ৰদান কৰিব পৰা যায়৷ স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত বিভিন্ন ঠাইত ডেডিকেটেড কোভিড হাস্পতাল স্থাপন কৰিছে ৷"— ক’লে মুখ্যমন্ত্ৰী সোণোৱালে।
তেতিয়াহে নিশ্চিতভাৱে এই যুঁজত অসমে জয় লাভ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা ৩.৩০ কোটি জনসাধাৰণক সুৰক্ষিত, স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাটোৱে ৰাজ্য চৰকাৰৰ মূল লক্ষ্য বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে লকডাউন কাৰ্যসূচী গুৱাহাটীবাসীয়ে শৃংখলাবদ্ধ আৰু দায়বদ্ধতাৰে পালন কৰাৰ বাবে মহানগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছে৷
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে লাডাখৰ লেহ আৰু দুৰ্গম নিমু অঞ্চলত উপস্থিত হৈ সেনা বাহিনীৰ জোৱানসকলৰ সৈতে মত-বিনিময় কৰাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ সামৰিক বাহিনীৰ মনোবল দুগুণে বৃদ্ধি কৰিব বুলি কয়৷ প্ৰধানমন্ত্ৰীৰ পদাৰ্পণৰ জৰিয়তে ভাৰতৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত দৃষ্টি দিয়া সকলক সকীয়নি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ এই পদক্ষেপে প্ৰতিগৰাকী ভাৰতীয়কে দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ দিশত ঐক্যৱদ্ধভাৱে থিয় হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাইছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷