உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘চৰকাৰ হ’ব বিপিএফৰ, ২২ জনৰ আছে সমৰ্থন’- হাগ্ৰামা মহিলাৰীৰ দাবীয়ে কঁপাইছে BJP-UPPLক, লিলি হোটেলত নজৰবন্দী সকলো জয়ী প্ৰাৰ্থীক

    ‘চৰকাৰ হ’ব বিপিএফৰ, ২২ জনৰ আছে সমৰ্থন’- হাগ্ৰামা মহিলাৰীৰ দাবীয়ে কঁপাইছে BJP-UPPLক, লিলি হোটেলত নজৰবন্দী সকলো জয়ী প্ৰাৰ্থীক

    লিলি হোটেলত নজৰবন্দী বিজেপি আৰু UPPLৰ বিজয়ী প্ৰাৰ্থী

    লিলি হোটেলত নজৰবন্দী বিজেপি আৰু UPPLৰ বিজয়ী প্ৰাৰ্থী

    লিলি হোটেলত নজৰবন্দী বিজেপি আৰু UPPLৰ বিজয়ী প্ৰাৰ্থী

    • Share this:
    শেষ হোৱা নাই বিটিচি নিৰ্বাচনৰ খেল! ইতিমধ্যে বিজেপি আৰু UPPLৰ জয়ী প্ৰাৰ্থীৰ বাবে লিলি হোটেলত ৩৬টাকৈ কোঠা বুক কৰা হৈছে। নজৰবন্দী কৰা হৈছে সকলো জয়ী প্ৰাৰ্থীক। হোটেলত সকলো তত্বাৱধানৰ দায়িত্বত মন্ত্ৰী পিয়ুষ হাজৰিকা।
    মন্ত্ৰীগৰাকীয়ে বাহৰ পাতিছে হোটেলতে। পিয়ুষ হাজৰিকাক সংগ দিছে সাংসদ পল্লৱ লোচন দাসে। ঘনে ঘনে হোটেললৈ অহা যোৱা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰমোদ বড়োৱে অনুমতি দিয়া লোককহে প্ৰৱেশৰ অনুমতি। মূল প্ৰৱেশ দ্বাৰত প্ৰমোদ বড়োৱে ৰাখিছে ঘনিষ্ঠ লোকক।

    হাগ্ৰামা মহিলাৰীৰ এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত। হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কোকৰাঝাৰ এৰি নাযাবলৈ আহ্বান জনাই উল্লেখ কৰিছে যে, পুনৰ হ'ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম। দল হিচাপে বিজেপিৰ সৈতে আমাৰ মিত্ৰতা আছে, থাকিব। মই গুৱাহাটী বা দিল্লী ক’লৈকো নাযাও। কোকৰাঝাৰৰ পৰাই চৰকাৰ গঠন কৰিম।’
    Published by:Himangshu Bhuyan
    First published: