• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কা’ আন্দোলন কৰি বিচ্ছিন্নতাবাদীয়ে ৰাজ্যলৈ আন্ধাৰ নমাই আনিছিল, ২০২১ত আমি চৰকাৰ গঠন কৰিমেই, তিলমানো সন্দেহ নাইঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘কা’ আন্দোলন কৰি বিচ্ছিন্নতাবাদীয়ে ৰাজ্যলৈ আন্ধাৰ নমাই আনিছিল, ২০২১ত আমি চৰকাৰ গঠন কৰিমেই, তিলমানো সন্দেহ নাইঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২০২১ত আমি চৰকাৰ গঠন কৰিমেই,তাত তিলমানো সন্দেহ নাইঃ হিমন্ত বিশ্ব শৰ্মা

২০২১ত আমি চৰকাৰ গঠন কৰিমেই,তাত তিলমানো সন্দেহ নাইঃ হিমন্ত বিশ্ব শৰ্মা

২০২১ত আমি চৰকাৰ গঠন কৰিমেই,তাত তিলমানো সন্দেহ নাইঃ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেত বোৰ বহু বিস্ফোৰক মন্তব্য কৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী হিমন্তৰ মুখত পুনৰ এবাৰ উদাত্ত ভাষণ শুনিবলৈ পোৱা যায়। মন্ত্ৰী শৰ্মাৰ মতে, আগন্তুক নিৰ্বাচন হ’ব সভ্যতাৰ যুঁজ। কোন মুখ্যমন্ত্ৰী হ’ব, তাৰ যুঁজ নহয়।

সভাত মন্ত্ৰী শৰ্মাই ৰাম মন্দিৰৰ প্ৰসংগ টানি আনি কয় যে, সভ্যতাৰ কলংক মোচন কৰি নৰেন্দ্ৰ মোদীয়ে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰিছে। ৩৭০ ধাৰা বাতিলো ৰাষ্ট্ৰ নিৰ্মাণৰে অংগ।  বিজেপিয়ে  সাহসেৰে ঠিয় নিদিয়া হেতেন অসম বিচ্ছিন্নতাবাদীৰ দখললৈ গ'ল হেঁতেন। কা’ আন্দোলনৰে বিচ্ছিন্নতাবাদীয়ে আন্ধাৰ নমাই আনিছিল। আমি সাহসেৰে পোহৰাই ৰাখিলো’

মন্ত্ৰী শৰ্মাই NSUI আৰু যুৱ মৰ্চাৰ মাজত তুলনা কৰি কয় যে, ‘ NSUIৰ লগত যুৱ মৰ্চাৰ আছে আদৰ্শগত পাৰ্থক্য। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবেহে বিজেপিৰ জন্ম।  ৰাজনীতিৰ বাবে বিজেপিৰ জন্ম হোৱা নাই।  অন্তোদ্যয়ৰ সংকল্পৰে জন্ম হৈছে বিজেপি। শাসকীয় দলৰ মাজত থাকিও স্বকীয় পৰিচয় অক্ষুন্ন ৰাখিব লাগিব যুৱ মৰ্চাই। ভাৰতীয় হোৱাৰ গৌৰৱ হেৰুৱালেই যুৱ মৰ্চাত থকাৰ নৈতিক অধিকাৰ হেৰুৱাব।।’

আগন্তুক বিধানসভা নিৰ্বাচনত  বিজেপিয়ে চৰকাৰ গঠন কৰিবইঃ হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী শৰ্মাই কয় যে, ‘নিৰ্বাচনৰ বতৰ আহিছে এতিয়া। ২০২১ত আমি চৰকাৰ গঠন কৰিমেই, তাত তিলমানো সন্দেহ নাই।  সাফল্যৰ অমূল্য ভাণ্ডাৰ ৰাখি আমি মানুহৰ হৃদয়লৈ যাম।
আমি মানুহৰ পদূলীলৈ নাযাও। হৃদয়ৰে হৃদয়ৰে কথা পাতিম আমি।’

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে

মন্ত্ৰীগৰাকীয়ে কয় যে, ‘কংগ্ৰেছ আজি AIUDFৰ শৰণাপন্ন হৈছে। বিজেপিক হৰুৱাবলৈ এতিয়া সকলো একত্ৰিত হৈছে। হু ইজ আজমল বুলি কোৱা সেই দল এতিয়া আজমলৰ শৰণত। আমাৰ পাঁচটা বছৰে সকলোকে শংকিত কৰিছে।  মাত্ৰ পাঁচটা বছৰত আমি ইমানেই শক্তিশালী হ'লো যে, এতিয়া সাপ বেং এক হ'ব লগীয়া হৈছে।এশখন আসন আমি নিসন্দেহে লাভ কৰিম।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি