২০১৪ৰ পিছৰে পৰা ধাৰাবাহিক ভাবে বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছ দল। প্ৰতিটো নিৰ্বাচনতে সহিবলগীয়া হৈছে পৰাজয়ৰ গ্লানি। ইতিমধ্যে দলটোৰ বহু শীৰ্ষ নেতাই পদত্যাগ কৰি অন্য দলত যোগদান কৰিছে। দলটো এনে পৰ্যায়ত উপনীত হোৱাৰ পিছতো শীৰ্ষ নেতৃত্ব এতিয়াও ব্যস্ত কেৱল আভ্যন্তৰীণ কন্দলতে। এনে সময়তে এইবাৰ বিজেপিৰ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই কৰিছে তাৎপর্যপূর্ণ মন্তব্য।
'কংগ্ৰেছক নিঃশেষ কৰাৰ টাৰ্গেট আমাৰ ৷ আমি চিন্ন-ভিন্ন কৰি দিম ৷ এয়া আমাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট ৷ ২০২৬ৰ ভিতৰত আমি শেষ কৰি দিম কংগ্ৰেছক ৷'- সোমবাৰে কংগ্ৰেছ দলৰ সন্দৰ্ভত এই মন্তব্য কৰে বিজেপিৰ বিধায়কজনে।
বিধায়ক কলিতাই আলফাৰ ওচৰত মন্ত্ৰী সঞ্জয় কিষাণে ক্ষমা খোজাৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। দিগন্ত কলিতাই কয় যে, 'কেবিনেট মন্ত্ৰী হিচাপে পৰেশ বৰুৱাৰ সন্দৰ্ভত মন্তব্য কৰাৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি ল'ব লাগিছিল ৷ মই ULFAৰ বিপক্ষে বা সপক্ষে একো নকও ৷ মুখ্যমন্ত্ৰীয়ে এই বিষয়ত সংবাদ মাধ্যমক জনাই আহিছে ৷ আলোচনাৰ প্ৰক্ৰিয়া এটা চলাই নিছে মুখ্যমন্ত্ৰীয়ে ৷ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ মাজত এটা বুজাপৰা হৈছে ৷ আমি সকলো অসমীয়া হিচাপে অসমৰ উন্নয়ন আমি সকলোয়ে বিচাৰো ৷'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 16, 2022, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।