মুখ্যপৃষ্ঠা » খবৰ

» অসম

»তিনি মাহৰ মূৰে মূৰে BTRত জনতাৰ আদালত; শপত গ্ৰহণৰ পূৰ্বে ঘোষণা প্ৰমোদ বড়োৰ

তিনি মাহৰ মূৰে মূৰে BTRত জনতাৰ আদালত; শপত গ্ৰহণৰ পূৰ্বে ঘোষণা প্ৰমোদ বড়োৰ

News18 Assam | News18-Assam
Updated:December 14, 2020, 10:29 PM IST
তিনি মাহৰ মূৰে মূৰে BTRত জনতাৰ আদালত; শপত গ্ৰহণৰ পূৰ্বে ঘোষণা প্ৰমোদ বড়োৰ
প্ৰতি তিনি মাহৰ মূৰে মূৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অনুষ্ঠিত হ'ব জনতাৰ আদালত ৷ প্ৰতিটো পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব এই জনতাৰ আদালত ৷

প্ৰতি তিনি মাহৰ মূৰে মূৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অনুষ্ঠিত হ'ব জনতাৰ আদালত ৷ প্ৰতিটো পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব এই জনতাৰ আদালত ৷

  • News18 Assam
  • Last Updated: December 14, 2020, 10:29 PM IST
  • Share this:
প্ৰতি তিনি মাহৰ মূৰে মূৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত অনুষ্ঠিত হ'ব জনতাৰ আদালত ৷ প্ৰতিটো পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব এই জনতাৰ আদালত ৷ জনতাৰ আদালতত সমষ্টিৰ MCLএ উপস্থিত থাকিব লাগিব ৷ সমষ্টিবাসী ৰাইজে নিজ নিজ সমস্যা ৰাজহুৱাকৈ MCLক জনাব পাৰিব ৷ এই কথা BTRৰ মূৰব্বী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে News18ক জনালে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে ৷

News18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে ক'লে- “BTRৰ সকলো শ্ৰেণীৰ ৰাইজৰ সা-সমস্যা সমাধান কৰাৰ লক্ষ্যৰে আমি জনতাৰ আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ৰাইজে সন্মুখীন হোৱা সমস্যাৰাজি নিজ সমষ্টিৰ MCLৰ সন্মুখত দাঙি ধৰিব পাৰিব জনতাৰ আদালতত ৷ সমষ্টিত হোৱা চৰকাৰী কামৰ অগ্ৰগতিৰ সম্পৰ্কতো জনতাৰ আদালতত ৰাইজে MCLৰ সৈতে আলোচনা কৰিব পাৰিব ৷ এক কথাত BTR চৰকাৰ আৰু ৰাইজৰ মাজত ব্যৱধান দূৰ কৰি ৰাইজৰ চৰকাৰ কৰিবলৈ আমি যত্ন কৰিম।’

এইদৰে শপত গ্ৰহণৰ আগদিনা সন্ধিয়া UPPLৰ সভাপতি প্ৰমোদ বড়োৱে লগতে ক'লে- ‘বিগত ১৭টা বছৰত BTCত চলা শাসন ব্যৱস্থাৰ আমোল পৰিৱৰ্তন আমি আনিবলৈ চেষ্টা কৰিম ৷ আমি ৰাইজৰ স্বাৰ্থত কাম কৰিম ৷ আমাৰ কামত কোনো ব্যক্তি স্বাৰ্থই প্ৰাধান্য নাপাব। ৰাইজৰ প্ৰতিনিধি হিচাপে জয়ী হৈ অহা সকলো MCL-এ ৰাইজৰ ওচৰত দায়বদ্ধ ৷ ৰাইজৰ সকলো প্ৰকাৰৰ সমস্যা নিষ্ঠাসহকাৰে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব সকলো জনপ্ৰতিনিধিয়ে ৷ এইক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব ৷ মোৰ লক্ষ্যই ৰাইজৰ সৰ্বাংগীন উন্নয়ন ৷ সেয়ে প্ৰতি তিনি মাহৰৰ মূৰে মূৰে সকলো জনপ্ৰতিনিধিয়ে ৰাইজৰ আদালতত উপস্থিত হ'ব লাগিব ৷’

উল্লেখযোগ্য যে, সোমবাৰে গুৱাহাটীৰ পৰা আহি কোকোৰাঝাৰত উপস্থিত হয় প্ৰমোদ বড়ো ৷ কোকৰাঝাৰত উপস্থিত হৈ বড়োৱে মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণস্থলীত উপস্থিত হয় ৷ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত আয়োজন কৰা পেণ্ডেলৰ কাষতে সোমবাৰে সন্ধিয়া প্ৰমোদ বড়োৱে শ্ৰদ্ধা জনাই বডোফা উপেন্দ্ৰ নাথ ব্ৰক্ষ্ম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিত ৷ লগতে জ্বলাই পাঁচ হাজাৰ চাকি ৷ পাঁচ হাজাৰ চাকিৰে লিখা হয় 'BTR' বুলি ৷
Published by: Himangshu Bhuyan
First published: December 14, 2020, 10:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি