‘আকৌ জিকিম, আজি মই লিখি দিলো, আছুৰ ৰাজনৈতিক দল হ’ব নিশকতীয়া’, জুবিন গাৰ্গৰ সন্দৰ্ভতো বিশেষ মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:August 12, 2020, 11:51 AM IST
‘আকৌ জিকিম, আজি মই লিখি দিলো, আছুৰ ৰাজনৈতিক দল হ’ব নিশকতীয়া’, জুবিন গাৰ্গৰ সন্দৰ্ভতো বিশেষ মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ
২০২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মাহ বাকী আছে। তাৰ মাজতে সমগ্ৰ অসমত আছুৰ পৰা আহি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে ৷

২০২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মাহ বাকী আছে। তাৰ মাজতে সমগ্ৰ অসমত আছুৰ পৰা আহি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে ৷

  • Share this:
‘২০২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মাহ বাকী আছে। তাৰ মাজতে সমগ্ৰ অসমত আছুৰ পৰা আহি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে ৷ গতিকে আছুৰ নেতৃত্বত গঠন হবলগীয়া দল অতি নিশকতীয়া হ’ব ৷ সেই দলে বিজেপিৰ সৈতে যুঁজিব নোৱাৰে ৷ আমি আকৌ জিকিম। মই আজি লিখি দিলো।’- মঙলবাৰে জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

আনহাতে অসমৰ ৭০ টা সংগঠনক তাচ্ছিল্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ৭০টা সংগঠনত ৭০টা মানুহ আছে ৷ এনেকুৱা সংগঠনো আছে য’ত দুই তিনিজন ব্যক্তি আছে ৷ সেয়েহে ৭০ টা সংগঠনলৈ আমি ভয় নকৰো ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আমি আকৌ জয়ী হ’ম ৷

ইফালে সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সৃষ্টি হোৱা জুবিন গাৰ্গ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ৰাজপথত আন্দোলন কৰিলেই নহ’ব ৷ জুবিনে উচিত সময়ত উচিত সিদ্ধান্ত লৈছে ৷

উল্লেখ্য যে, জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছ, অগপ, আৰু ছাত্ৰ সন্থাৰ প্ৰায় ৬২৭ গৰাকী নেতা-কৰ্মী সহ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়েও যোগদান কৰে গেৰুৱা দলত ৷
Published by: Himangshu Bhuyan
First published: August 12, 2020, 11:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি