একেই ৰঙৰ হ’ব গুৱাহাটী মহানগৰীৰ ঘৰ! মুখ্যমন্ত্ৰী সোণোৱালে বিশেষ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

News18 Assam | News18-Assam
Updated:October 22, 2020, 7:46 PM IST
একেই ৰঙৰ হ’ব গুৱাহাটী মহানগৰীৰ ঘৰ! মুখ্যমন্ত্ৰী সোণোৱালে বিশেষ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ। পিছে এই সিদ্ধান্ত ল’ব গুৱাহাটী মহানগৰীৰ ৰাইজে।

একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ। পিছে এই সিদ্ধান্ত ল’ব গুৱাহাটী মহানগৰীৰ ৰাইজে।

  • Share this:
একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ। পিছে এই সিদ্ধান্ত ল’ব গুৱাহাটী মহানগৰীৰ ৰাইজে। ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  এই কথা আজি ৰাজহুৱাকৈ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৃহস্পতিবাৰে গণেশগুৰিত দ্বিতীয়খন উৰণীয়া সেঁতু মুকলি কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ‘মোৰ এটা ইচ্ছা আছে, এই ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে মোক সহায় কৰিব লাগিব। গুৱাহাটী মহানগৰীৰ ঘৰসমূহৰ ৰঙৰ ক্ষেত্ৰত এটা সিদ্ধান্ত ল’ব লাগে। এই ক্ষেত্ৰত আগ ভাগ ল’ব লাগিব গুৱাহাটীৰ প্ৰতিঘৰ লোকে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘কিছুমান নগৰত এনে পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে নগৰখনৰ কথা মনত থাকি যায়। অসমলৈ আহিবলগীয়া পৰ্যটকৰ মনতো যাতে গুৱাহাটী মহানগৰী থাকি যাব পাৰে, তাৰ বাবে এটা বিশেষ কালাৰ কম্বিনেশ্যন নিৰ্ধাৰণ কৰিব লাগে। ’
Published by: Himangshu Bhuyan
First published: October 22, 2020, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading