মোগলৰ আক্ৰমণ চলিছে অসমত, সকলোৱে এক হৈ বিদেশী খেদিব লাগিবঃ মুখ্যমন্ত্ৰী সোণোৱাল

৪২ লাখৰ পৰা ৫২ লাখলৈ বৃদ্ধি হ’ব বিজেপিৰ কাৰ্যকৰ্তা
৪২ লাখৰ পৰা ৫২ লাখলৈ বৃদ্ধি হ’ব বিজেপিৰ কাৰ্যকৰ্তা
- News18 Assam
- Last Updated: October 9, 2020, 2:40 PM IST
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আকৌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত শুনিবলৈ পোৱা গ’ল বিদেশী বহিষ্কাৰৰ কথা। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ৰাজ্যত মোগলৰ আক্ৰমণ অব্যাহত আছে। আজি অসমত খিলঞ্জীয়া সংকটত, মাটিৰ অধিকাৰ হেৰুৱাইছে খিলঞ্জীয়াই। নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বীৰ লাচিতৰ দৰে মোগলৰ বিৰুদ্ধে যুঁজিব লাগিব।
সকলোৱে একত্ৰিত হৈ বিদেশীক খেদিব লাগিব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিজেপিৰ কাৰ্যকৰ্তাৰ সংখ্যা ৪২ লাখৰ পৰা ৫২ লাখলৈ বৃদ্ধি পাব বুলিও মন্তব্য কৰে।’
এনেকৈ থাকিলে ১০ বছৰৰ পিছত আজমলে সিদ্ধান্ত লব অসমত কি হব।’