শোণিতপুৰৰ ঘটনা সন্দৰ্ভত হোজাইত বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰণ শোণিতপুৰৰ ঘটনা সন্দৰ্ভত হোজাইত বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰণ ‘এতিয়া আৰু ভাষাৰ কথা নাই, সকলোৱে একেলগে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যুঁজিব লাগিব। সকলো এক হ’ব লাগিব। শিলাদিত্য দেৱে কয় যে, ‘বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হোৱাত প্ৰকৃত ৰূপটো এনেদৰে দেখাই আছে। ভাৰতবৰ্ষৰ মুছলমান সকলে এনে কাম কেতিয়াও কৰিব নোৱাৰে কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষেও ৰামক পূজা কৰিছিল।’
বুধবাৰে শোণিতপুৰ জিলাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ বিতৰ্কিত বিধায়কজনে শোণিতপুৰত সংঘটিত হোৱা ঘটনাত বাংলাদেশী মুছলমানৰ প্ৰভাৱ থকা বুলি দাবী কৰে।
শোণিতপুৰত হোৱা ঘটনাত প্ৰশাসনৰ দুৰ্বলতা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, শোণিতপুৰত সংঘটিত হোৱা ঘটনাৰ আঁৰত বাংলাদেশী মুছলমান আছে। ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰশাসন শক্তিশালী হলে এনে সাহস কৰিব নোৱাৰিলে হেতেন। প্ৰশাসনে উচিত ব্যৱস্থা লব লাগে।’
বিধায়কগৰাকীয়ে অসম আন্দোলনৰ প্ৰসংগ টানি আনি কয় যে, ‘অসম আন্দোলনৰ সময়ত অসমীয়া যুৱকক হত্যা কৰা হৈছিল। প্ৰশাসনে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে কিয় ভয় কৰে?’ আনহাতে আৰক্ষী- প্ৰশাসনে অসমীয়া যুৱকৰ ওপৰত গুলিচালনা কৰিব পাৰে কিন্তু বাংলাদেশী ওপৰত গুলীচলাবলৈ কিয় নোৱাৰে বুলিও প্ৰশ্ন শিলাদিত্যৰ।
Published by: Himangshu Bhuyan
First published: August 06, 2020, 13:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|