‘আমাক চাচা–মামাৰ ভোট নালাগে, লোকেল মুৰ্গীও খোৱাৰ ইচ্ছা নাই’

News18 Assam | News18-Assam
Updated:December 27, 2019, 2:27 PM IST
‘আমাক চাচা–মামাৰ ভোট নালাগে, লোকেল মুৰ্গীও খোৱাৰ ইচ্ছা নাই’
জাগীৰোডত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

জাগীৰোডত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
আমাক চাচা–মামাৰ ভোট নালাগে, লোকেল মুৰ্গী খোৱাৰো ইচ্ছা নাই। আমি কেৱল জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ সৈতে অসমক ভাৰতৰ ৫খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব লাগে। জাগীৰোডত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ শান্তি সমদলক লৈ উত্থাপিত প্ৰশ্নক লৈ মন্ত্ৰীগৰাকীয়ে কয় – ‘শান্তি সমদল কিয় নালাগিব। তোমালোকে কলাক্ষেত্ৰ–বটদ্ৰৱা সত্ৰত হাত দিবা বিজেপিৰ মানুহ মনে মনে বহি থাকিব। অসমীয়া ছোৱালীৰ সতীত্বত হাত দিবা বিজেপিৰ মানুহ মনে মনে বহি থাকিব?’

অসমৰ একাংশ বুদ্ধীজীৱীকো আক্ৰমণৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় – ‘আমি কলেজৰ ল’ৰা–ছোৱালীক বিনামূলীয়া কিতাপ দিছো, কিন্তু ড০ হীৰেণ গোহাঁই, অজিত ভূঞাই কলেজৰ ল’ৰা–ছোৱালীক শিকায় যে তোমালোকে পঢ়া–শুনা নকৰিবা, আন্দোলন কৰা। নিজৰ ল’ৰা–ছোৱালীক আমেৰিকাত থৈ অসমৰ ল’ৰা–ছোৱালীক বিপ্লৱী কৰে, এয়া হৈছে তেওঁলোকৰ ৰাজনীতি।’

ড০ হীৰেণ গোহাঁইক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই কয় –‘সাৱধান হীৰেন গোহাঁই ডাঙৰীয়া, আমাৰ ল’ৰা–ছোৱালীক বেয়া নকৰিব। আমাৰ ল’ৰা–ছোৱালীয়ে পঢ়িব লাগিব। যাতে দেউতাক–মাকৰ সপোন বাস্তৱায়িত কৰিব পাৰে।’

‘অসমৰ বাবে ভাল কি বেয়া কি আমি বুজি পাওঁ। কিয় অসমৰ জনজাতীয় লোকসকলে কিয় আন্দোলন কৰা নাই। কাৰণ তেওঁলোকে বুজিছে যে ট্ৰাইবেল বেল্ট–ব্লক হিন্দুৱে দখল কৰা নাই, চাচা–মামাসকলে দখল কৰিছে।’ – ভাষণত ক’লে হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কয় – কোনোবাই কয় ভগৱান নাই। আমাৰ কাৰণে ভগৱান আছে। আমাৰ কাৰণে ভগৱান হৈছে সত্য–সনাতন। ভগৱানক সাক্ষ্য কৰি আমি প্ৰতিজ্ঞা কৰিছো ২০২১ত আকৌ বিজেপি চৰকাৰ।

আৰু চাওক
পৰৱৰ্তী বাতৰি