নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আকৌ সৰৱ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ(
Zubeen Garg)। দেওবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগত একেলগে সংবাদমেল সম্বোধন কৰি কা'ৰ বিৰুদ্ধে আন্দোলন চলি থাকিব বুলি জনাই জুবিন গাৰ্গে।
জুবিন গাৰ্গে কয় যে, ' কেন্দ্ৰীয় চৰকাৰে আমাক confuse কৰি আছে। আলোচনা হৈছে কিন্তু ফলাফল পোৱা নাই। মুখ্যমন্ত্ৰী সলনি হ'ল,মন্ত্ৰী সলনি হ'ল,কিন্তু ফলাফল পোৱা নাই। নতুন চৰকাৰে আমাৰ কথাখিনি শুনি লওক। মোদী চৰকাৰে অসমৰ কথা নাজানে। দক্ষিণ ৰাজ্য সমূহৰ নিচিনা আমি আন্দোলন কৰি আছো। তেওঁলোকৰ যুক্তি বহুত শক্তিশালী। কা' আন্দোলন চলি যাব। আমি কা' নামানো। একাংশ শিল্পীয়ে স্থিতি সলনি কৰিছে,তেওঁলোক মেৰুদণ্ডহীন।'
ইফালে সংবাদমেলত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, 'আন্দোলন হ'ব। এইবাৰ লৰা-ছোৱালীয়ে পঢ়িবও আৰু আন্দোলনো কৰিব। এয়া আমাৰ নীতি আছিল। কিন্তু আন্দোলন আৰম্ভ হোৱাৰ সময়তে কোভিড লকডাউন,পৰীক্ষা আদিৰ বাবে স্থৱিৰ হৈছিল। এতিয়া আকৌ আন্দোলন আৰম্ভ হৈছে আৰু হ'বই। জুইকোৰা এতিয়াও জ্বলি আছে।'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|