বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক পদ্ম হাজৰিকাই।
বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক পদ্ম হাজৰিকাই।
ছিপাঝাৰৰ ধলপুৰ কাণ্ডই জোঁকাৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বহুলোক। আজিৰ দিনটোত আমছু, কংগ্ৰেছ, ৰািজৰ দলে ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক পদ্ম হাজৰিকাই।
হাজৰিকাই কয় যে, 'এটা অশুভ শক্তিয়ে কালিৰ এই পৰিস্থিতি সৃষ্টি কৰিলে। জিলা প্ৰশাসনৰ লগত উচ্ছদিত লোকৰ আলোচনা হৈছিল। আৰু সিদ্ধান্তলৈ আহিছিল। তেওঁলোকক মাটি দেখুওৱা হৈছিল। থকাৰ ব্যৱস্থা কৰি দিয়াৰ কথা কোৱা হৈছিল। লোকসকলে হাত চাপৰি বজাই সমৰ্থন কৰিছিল। কিন্তু তাৰ পিছতে হঠাত কিয় তেওঁলোক আৰক্ষীৰ ওপৰত জপিয়াই পৰিল। ইয়াৰ আঁৰত কোন আছে, তদন্তত ওলাই পৰিব সকলো। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে।'
বিধায়কজনে অতি আক্ষেপেৰে লগতে কয় যে, '১৯৮৩ চনত এই অঞ্চলতে তিনিজন অসমীয়া যুৱকক হানি-খুচি হত্যা কৰিছিল। তেনে শক্তিয়ে এতিয়াও ইয়াত কাম কৰি আছে। এই শক্তিৰ বিপৰীতে আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই এজন অসমীয়া যুৱক হিচাপে অসমীয়া মানুহে এনেধৰণৰ বিপদ, প্ৰত্যাহ্বান সহ্য কৰি থাকিব কেতিয়াও নিবিচাৰো। ১৯৮৩ চনত তেনে ধৰণৰ মানুহক সমৰ্থন দিয়া চৰকাৰ আছিল। বহু অসমীয়া মানুহ হেৰাই গ'ল। কিন্তু আজিৰ অসমৰ চৰকাৰ থলুৱা মানুহৰ ভোটেৰে নিৰ্বাচিত চৰকাৰ। আমাৰ মানুহৰ সুৰক্ষা, ভাষা-সংস্কৃতি, সভ্যতা ৰক্ষাৰ বাবে এই শক্তিৰ বিপক্ষে কাম কৰিব লাগিব। এই শক্তিক কঠোৰ হাতেৰে দমন কৰিব লাগিব।'
'উচ্ছেদ চলিছে, চলিব। উচ্ছেদ বন্ধ নহয়। প্ৰকল্পৰ কাম চলি থাকিব। আৰক্ষীক কিদৰে আক্ৰমণ কৰিছে, সেই সকলৰ বেয়া লগা নাই। কেৱল কিয় বেদখলকাৰীৰ কথা চিন্তা কৰিছে? দুজন মানুহ হেৰাই গ'ল, আমি সমবেদনা দিছো। কিন্তু আৰক্ষীৰ আক্ৰমণকো গৰিহনা দিছো।'-এনেদৰেও কয় চতিয়া সমষ্টিৰ বিধায়কজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|