‘আমাৰো হৃদয় আছে, ১৯৭১ৰ পিছত অহা হিন্দু পৰিয়ালক কেনেকৈ বাংলাদেশলৈ পঠিয়াই দিওঁ’

News18 Assam | News18-Assam
Updated:December 27, 2019, 2:42 PM IST
‘আমাৰো হৃদয় আছে, ১৯৭১ৰ পিছত অহা হিন্দু পৰিয়ালক কেনেকৈ বাংলাদেশলৈ পঠিয়াই দিওঁ’
জাগীৰোডত অনুষ্ঠিত বিজেপিৰ মৌন সমদলত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সমস্ত দোষ কংগ্ৰেছৰ ওপৰত জাপি দিয়ে হিমন্ত বিশ্ব শৰ্মাই

জাগীৰোডত অনুষ্ঠিত বিজেপিৰ মৌন সমদলত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সমস্ত দোষ কংগ্ৰেছৰ ওপৰত জাপি দিয়ে হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
জাগীৰোডত অনুষ্ঠিত বিজেপিৰ মৌন সমদলত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সমস্ত দোষ কংগ্ৰেছৰ ওপৰত জাপি দিয়ে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় – CAAত কৈছে ২০১৪ চনৰ আগত অহা হিন্দুসকলক নাগৰিকত্ব দিব। কিয় ২০১৪? কাৰণ ২০১৪ত মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনো এটা পৰুৱাও অসমত সোমাব পৰা নাই। আমি শ্বেখ হাছিনা চৰকাৰক কৈছো যে কোনো হিন্দুৰ ওপৰত অত্যাচাৰ নকৰিব। ১৯৭২ৰ পৰা ২০১৪লৈ কংগ্ৰেছৰ আছিল। কংগ্ৰেছৰ বাবেই এই দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছে।

‘কোনোৱে কৈছে বিদেশী আহিব। আমি আপোনালোকৰ হৃদয়ত শপত খাই কৈছো যে অসমত নতুনকৈ এজনো বিদেশী আহিবলৈ দিয়া নহ’ব। কিন্তু ২০১৪ চনত কংগ্ৰেছে কৰা পাপৰ বাবে ৩–৪ লাখ বিদেশীক নাগৰিকত্ব দিব লাগিব। তেওঁলোক আগৰে পৰা আছে। তাৰ মাজত কোনোবা MLAও হ’ল। ১৯৭২ত অহা হিন্দু পৰিয়ালটোক কেনেকৈ বাংলাদেশলৈ পঠিয়াই দিওঁ। তেনে ৩–৪ লাখ লোকৰ দায়িত্ব লোৱাৰ বাবে ভগৱানে আমাৰ মানৱতা দিছে। কাৰোবাক চাচা–মামা লাগে, আমাক নালাগে।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি