কংগ্ৰেছে কেৱল ভোট বেংকৰ বাবে এই কুটিল ৰাজনীতি কৰেঃ পীয়ুষষ হাজৰিকা
কংগ্ৰেছে কেৱল ভোট বেংকৰ বাবে এই কুটিল ৰাজনীতি কৰেঃ পীয়ুষষ হাজৰিকা
"সন্দেহযুক্ত নাগৰিকে আমাৰ ভূমি বেদখল কৰিব, আমাক আক্ৰমণ কৰিব আমি হাত সাৱটি বহি থাকিম, সেয়া হ'বই নোৱাৰে। এনে কাৰ্য্য আমি মানি ল'ব নোৱাৰো।"- এই মন্তব্য সংসদীয় পৰিক্ৰমা, জলসম্পদ, জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।
মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে, 'বেদখল মুক্ত কৰিবলৈ চৰকাৰে জাননী দিছিল। সেই ফলপ্ৰসূ আলোচনাৰ পিছতে কোনো পক্ষৰ উচতনিত ৫ হাজাৰ সন্দেহযুক্ত লোকে আমাৰ ২৫০ গৰাকী আৰক্ষীক দলবদ্ধ আক্ৰমণ কৰিলে, যিটো আমি কেতিয়াও মানিব নোৱাৰো।
ইয়াৰ উপৰিও মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰশ্ন কৰে যে, 'অসম আৰক্ষীৰ লোকক আক্ৰমণ কৰা বিষয়ক কোনেও কিয় এইপৰ্যন্ত গৰিহণা দিয়া নাই? কংগ্ৰেছ, AIUDF-এ দেখা নাই কিয় এই আক্ৰমণ? ৫ হাজাৰ মানুহে পুলিচক মাৰিবলৈ খেদি আহিছিল। অৰ্ণমাই বৰাক যেতিয়া ধৰ্ষণ কৰা হৈছিল, তেতিয়া কংগ্ৰেছ AIUDF মনে মনে থাকে ,কিন্তু মিজোৰামৰ হাতত আমাৰ লোক অথবা বেদখল কাৰীৰ হাতত যেতিয়া আমাৰ পুলিচ আহত হয়, মৃত্যু হয় তেতিয়া তেওঁলোকে চৰকাৰক গালি পাৰে।'
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মতে, কংগ্ৰেছে কেৱল ভোট বেংকৰ বাবে এই কুটিল ৰাজনীতি কৰে। অসমৰ ৰাইজে আমাৰ সকলো ভূমি বাংলাদেশীয় মূলৰ মানুহক দি দিয়ক বুলি ক'ব নেকি কোনোবাই ? জৰ্জ খেলপথাৰখন দখল কৰিব সন্দেহযুক্ত বাংলাদেশীয়ে আৰু আমি কি বহি বহি চাই থাকিম নেকি? বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|