உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • '২১ নিৰ্বাচনত কংগ্ৰেছে ৰামঠগন দিছে, আমি পাহৰা নাই'-তথাপিও ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক কিয় সমৰ্থন কৰিছে অখিল গগৈয়ে?

    '২১ নিৰ্বাচনত কংগ্ৰেছে ৰামঠগন দিছে, আমি পাহৰা নাই'-তথাপিও ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক কিয় সমৰ্থন কৰিছে অখিল গগৈয়ে?

    Akhil Gogoi

    Akhil Gogoi

    ৰাইজৰ দলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ইতিমধ্যে এক কমিটী গঠন কৰা বুলিও জানিবলৈ দিয়ে অখিল গগৈয়ে।

    • Share this:
    '২০২১ৰ নিৰ্বাচনত ৰাইজৰ দলক ৰামঠগন দিছিল কংগ্ৰেছে ৷ কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি ৷ সেয়েহে কংগ্ৰেছৰ সৈতে এতিয়ালৈকে আমাৰ কোনো আনুষ্ঠানিক মিত্ৰতা নাই ৷ আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনতো সম্ভৱতঃ তেনে কোনো মিত্ৰতা নাথাকিব ৷ অৱশ্যে ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত কিছু সুকীয়া।'-এই মন্তব্য শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷

    অখিল গগৈয়ে কয় যে, 'বিজেপিক আমি ভোট দিব নোৱোৰো ৷ আমাৰ নীতি আদৰ্শৰ সৈতে সম্পূৰ্ণ প্ৰভেদ আছে ৷ কিন্তু শাসক পক্ষৰ বিৰুদ্ধে ৰাজ্যসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা একমাত্ৰ প্ৰাৰ্থীগৰাকীক আমি জয় কৰি অনাৰ লক্ষ্য ৷ এই লক্ষ্য পূৰণৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে স্বাভাৱিকতে আমি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট দিম৷'

    আনহাতে আগন্তুক পৌৰ নিগম নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত কোনো ইংগিত দিয়া নাই অখিল গগৈয়ে ৷ ২১ৰ তিক্ততাপূৰ্ণ মিত্ৰতা তথা কংগ্ৰেছ নেতৃত্বই কৰা প্ৰতাৰণাক লৈ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কোনো স্থান নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ইপিনে দলটোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ইতিমধ্যে এক কমিটী গঠন কৰা বুলিও জানিবলৈ দিয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। 
    Published by:Himangshu Bhuyan
    First published: