ৰকিবুল হুছেইনে কোৱা মতে, অখিল গগৈৰ সমানে সমানে মহাজোঁটত থকা AIUDFকো সহজ ভাৱে নলয় কংগ্ৰেছে ৷
ৰকিবুল হুছেইনে কোৱা মতে, অখিল গগৈৰ সমানে সমানে মহাজোঁটত থকা AIUDFকো সহজ ভাৱে নলয় কংগ্ৰেছে ৷
'অখিল গগৈৰ দিনত এটা ৰাতি এটা ৷ অখিলক বিশ্বাস কৰিব নোৱাৰি ৷'- দিল্লীত কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাতৰ প্ৰাকক্ষণত এই ক্ষোভ ব্যক্ত কৰে বিৰোধী দলপতি ৰকিবুল হুছেইনে৷
ৰকিবুল হুছেইনে কোৱা মতে, অখিল গগৈৰ সমানে সমানে মহাজোঁটত থকা AIUDFকো সহজ ভাৱে নলয় কংগ্ৰেছে ৷ নিৰ্বাচনৰ পাছতে পাভলুটি মাৰিছে AIUDFয়ে ৷ সেয়েহে AIUDFৰ পৰা আঁতৰি অহাৰ এয়া এক সুবৰ্ণসুযোগ আখ্যা ৰকিবুল হুছেইনৰ ৷
বিৰোধী AIUDFয়ে শাসক পক্ষক সমালোচনাৰ পৰিৱৰ্তে সময়ে সময়ে সমৰ্থনহে আগবঢ়াই আহিছে ৷ গতিকে এতিয়া AIUDF-বিজেপিৰ গোপন মিত্ৰতাৰ গোন্ধ পাইছে ৰকিবুল হছেইনে। ৰকিবুল হুছেইনে লগতে কয় যে, 'AIUDF মহাজোঁটত থকাৰ বাবে কংগ্ৰেছৰ বৃদ্ধি হোৱা নাই আসন ৷ বিপৰীতে কংগ্ৰেছৰ বাবে AIUDF লাভান্বিত হৈছে ৷'
উল্লেখ্য যে, কংগ্ৰেছ হাইকামাণ্ডেই এতিয় নিৰ্ণয় কৰিব কংগ্ৰেছ মহাজোঁটৰ ভৱিষ্যত। অৱশ্যে অহা ৩০ আগষ্টত কংগ্ৰেছৰ ক'ৰ কমিটীৰ বৈঠকৰ পিছতে স্পষ্ট হ'ব কংগ্ৰেছ AIUDFৰ লগত থাকিব নে আঁতৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|