உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'অসমত ব্ৰাহ্মণ আমি ৩ শতাংশ, মুছলমান আছে কোটিৰ ওপৰত, সংখ্যাগুৰু আপোনালোক'- বিধানসভাত মুখ্যমন্ত্ৰী

    'অসমত ব্ৰাহ্মণ আমি ৩ শতাংশ, মুছলমান আছে কোটিৰ ওপৰত, সংখ্যাগুৰু আপোনালোক'- বিধানসভাত মুখ্যমন্ত্ৰী

    'আপোনালোকে মিঞা সংস্কৃতি কোৱা বাদ দিয়ক, আপোনালোকে লাচিতৰ কথা কওক ৷ আপোনালোকে সত্ৰীয়া সংস্কৃতিৰ কথা কওক।'- কাক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

    • Share this:
    'সংখ্যালঘু নহয় আপোনালোক। এতিয়া আপোনালোক প্ৰায় সংখ্যাগুৰু। দাস, কলিতা, বৰ্মনে ট্ৰাইবেল বেল্টত গৈ ঘৰ নবনাই। তেন্তে তাত ৰহমান ইছলামে কিয় যাব? বামুন আমি ৩ শতাংশ। সংখ্যালঘু আমি ৷ অসমত মুছলমান আছে কোটিৰ ওপৰত ৷ আপোনালোকে সংহতি স্থাপন কৰক ৷ সংখ্যাগুৰু আপোনালোক।'-মঙলবাৰে অসম বিধানসভাত এই মন্তব্য কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'আপোনালোকে মিঞা সংস্কৃতি কোৱা বাদ দিয়ক, আপোনালোকে লাচিতৰ কথা কওক ৷ আপোনালোকে সত্ৰীয়া সংস্কৃতিৰ কথা কওক। যিদিনাই আপোনালোকে বৰপেটা সত্ৰ, বৰদোৱা সত্ৰ অক্ষুন্ন থাকিব বুলি ক'ব। সেইদিনাৰ পৰা অসম ছুপাৰ স্পীডত যাব।'

    লগতে পঢ়কঃ  'চেলেঞ্জ কৰি লাভ নাই! ১ লাখ চাকৰি হ'বই, ১০ মে'ৰ পৰা ১০ জুনলৈ কৰ্মযজ্ঞ আমি পাতিম'- বিধানসভাত মুখ্যমন্ত্ৰী
     ইফালে ভাষণৰ মাজতে শ্বেৰমান আলীকো বিশেষ অনুৰোধ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  ''শ্বেৰমান আলীক অনুৰোধ কৰিছো বৰপেটা সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰলৈ যোৱা দৰে শংকৰদেৱ কলাক্ষেত্ৰতো এবাৰ যাওক ৷ ওলাই আহি টিভিত কওক, মিঞা মিউজিয়াম প্ৰস্তাৱ বাদ দিলো।''
    Published by:Himangshu Bhuyan
    First published: