• Home
  • »
  • News
  • »
  • assam
  • »
  • We stand with Assam police! 'আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাবলগীয়া হোৱাটো কোনো বেয়া কথা নহয়'- এনকাউণ্টাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

We stand with Assam police! 'আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাবলগীয়া হোৱাটো কোনো বেয়া কথা নহয়'- এনকাউণ্টাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

বৃহস্পতিবাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত  সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৃহস্পতিবাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত  সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৃহস্পতিবাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত  সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
আৰক্ষীৰ এনকাউণ্টাৰকলৈ শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ সদনৰ মজিয়াত এই সন্দৰ্ভত শাসকপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিছে বিৰোধী AIUDF আৰু কংগ্ৰেছে। আনকি মানৱ অধিকাৰ আয়োগেও এনকাউণ্টাৰৰ বিৰোধিতা কৰি ৰুজু কৰিছে নিজাববীয়া গোচৰ। বৃহস্পতিবাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত  সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'আৰক্ষীয়ে আত্মৰক্ষা কৰিবলৈ অপৰাধীলৈ গুলী কৰিবলগীয়া হোৱাটো কোনো বেয়া কথা নহয়। কাৰণ অপৰাধীক সেই সময়ত অপৰাধীক আইন বুজাবলৈ সময় নাথাকে। CRPC য়ে যিখিনি অধিকাৰ আৰক্ষীক দিছে সেইমতেই কাম কৰা হৈছে। মোৰ কাৰ্যকালত এতিয়ালৈকে ৫০৪ জন গৰু চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ইচ্ছা কৰিলে গুলীয়াই মাৰিব পাৰিলেহেতেন। কিন্তু আৰক্ষীক সেই ক্ষমতা আমি যেতিয়াই তেতিয়াই দিব নোৱাৰো।'

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'আইনৰ ক্ষমতাৰ ওপৰতেই আৰক্ষীয়ে কাম কৰিছে। আৰক্ষীয়ে আইন ভংগ কৰিলে আৰক্ষীকো আমি প্ৰশ্ন কৰিম। মৰিগাঁৱৰ পঠাৰ দৰে নৃশংস হত্যাকাৰী,ধৰ্ষণকাৰীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ ল'লে আৰক্ষীয়ে ভৰিত গুলীয়াবলৈ বাধ্য। আইনৰ শাসন চলিছে আৰু আইনৰ মতেই সকলো চলিব।'

'আৰক্ষীয়ে আইনমতে কৰা কামৰ বাবে সদনে ধন্যবাদ নিদি মানৱ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰাটো সঠিক নহয়। আমি অসম আৰক্ষীৰ লগত থিয় হ'ম। আৰক্ষীয়ে যিটো বেয়া কৰিব তাকো সমানে ধিক্কাৰ দিয়া হ'ব। অসম আৰক্ষীক বিগত দুমাহত কৰা কামৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে ডিজিপি,এডিজিপিক আহ্বান যাতে কোনো নিৰপৰাধী, নিৰ্দোষী লোকে আৰক্ষীৰ পৰা শাস্তি নাপায়।'

সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে  'We are stand with Assam police' বুলিও স্পষ্ট কৈ যুক্তি হৈছে। 'আৰক্ষীক যিমান সম্ভৱ স্বাধীনতা দিয়া হৈছে। গতিকে আৰক্ষীক আইন-শৃংখলা নিয়ন্ত্ৰণ,অনুসন্ধান আদিত সকলোৱে সহযোগিতা কৰক। বহিঃৰাজ্যৰ পৰা চোৰাং গৰু,চোৰাং সুৰা আহিলে সীমান্তৰ চকীতে বন্ধ কৰিব লাগিব। অসমত সোমাব নোৱাৰিলে পুলিচে গোচৰ পঞ্জীয়নেই কৰিব নালাগে।'- মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
Published by:Himangshu Bhuyan
First published: