গুৱাহাটীৰ মাছখোৱাৰ লচিত ঘাটৰ আন্ধাৰীবালীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা ক্ষেত্ৰলৈ বৃহৎ শোভাযাত্ৰাৰে আদৰি অনা হয় লুৰিণজ্যোতি গগৈক। অনুষ্ঠানতে অসম জাতীয় পৰিষদৰ দুই পৰামৰ্শদাতা ড: কৃষ্ণ গোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাৰ উপৰিও কাৰ্য্যকৰি সভাপতি বিধায়ক পবিন্দ্ৰ ডেকা, দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু শেষত লুৰিণ জ্যোতি গগৈয়ে ভাষণ ৰাখে।
উদাত্ত কণ্ঠৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কয়, ‘
জাতীয়তাবাদী স্বভিমানৰ সন্তান হ’ল অসম জাতীয় পৰিষদ। ৰাইজে বুকুৰ মাজত অসম জাতীয় পৰিষদক স্থান দিয়ক। নিজৰ সৰ্বোচ্চ ত্যাগ কৰি আই মাতৃক সেৱা কৰিম।’
অসমৰ ভবিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক আগবাঢ়ি আহিবলৈ লুইতৰ পাৰৰ পৰা লুৰিণে অনুৰোধ জনায়। ৰাষ্ট্ৰীয় শক্তিক উৎখাত কৰি জাতীয়তাবাদীৰ বিজয় ধ্বজা চিৰদিনৰ বাবে উৰুৱাবলৈ এপ্ৰিল, মে শ্ৰেষ্ঠ সময় বুলিও কয় লুৰিণজ্যোতি গগৈয়ে।
ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘ আগতে সুতা কম্বল, এতিয়া ৮৩০ টকাৰ মাজত কোনো পাৰ্থক্য নাই। এফালে বিনামূলীয়া চাউল দিছে, আনফালে ৮০ টকাত পিয়াঁজ বিক্ৰিৰে ৰাইজক লুণ্ঠন কৰিছে চৰকাৰে। প্ৰলোভনৰ জাল ফালি উত্তৰণৰ দিশত আমি আগবাঢ়িব লাগিব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|