ইজনৰ পিছত সিজন নেতা বিধায়কে দল ত্যাগ কৰাৰ পিছত অসমত কংগ্ৰেছ দলৰ অৱস্থা একপ্ৰকাৰ শোচনীয় হৈ পৰিছে। শেহতীয়াকৈ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে (Sushmita Dev)ও দল ত্য়াগ কৰাৰ পিছত কংগ্ৰেছৰ ভেটি যে থৰক-বৰক হৈ পৰিছে সেয়া স্পষ্ট হৈ পৰিছে। দল ত্যাগ কৰাৰ পিছতে NEWS18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুস্মিতা দেৱে কৈছিল যে অসমত কংগ্ৰেছ 'কনফিউজ' (Confused) হৈ পৰিছে। সুস্মিতাৰ অভিযোগ যে দলে কি কৰা উচিত তাকেই নাজানে। সুস্মিতাই আকৌ কয় যে কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ চোৰাংচোৱা। সুস্মিতাৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah)ই।
NEWS18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত APCCৰ সভাপতি ভূপেন বৰাই কয় যে আমি কনফিউজ নহয়।
ভূপেন বৰাই কয়, "আমি কনফিউজ নহয়। মই তেওঁক (সুস্মিতাক) শুভেচ্ছা জনাইছোঁ। কিন্তু সচাকৈ যদি কিবা কনফিউজন আছিলেই তেনেহ'লে তেওঁ কিয় কথাবোৰ হাইকমাণ্ডক জনোৱা নাছিল। CWCত অসমৰ একমাত্ৰ প্ৰতিনিধিগৰাকী তেৱেই আছিল, তেওঁ ইছ্যুবোৰ উত্থাপন কৰিব পাৰিব লাগিছিল।"
আনহাতে নিৰ্বাচনৰ সময়ত AIUDFৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বুজাবুজি আছিল বুলিও সুস্মিতাই অভিযোগ কৰিছিল। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, "মই তেতিয়া তাত নাছিলোঁ, তেওঁ নিজে ওতঃপ্ৰোতঃভাৱে জড়িত আছিল। এই বিষয়ে তেৱেই ভালকৈ জানিব আৰু তেওঁ বিষয়টো উত্থাপন কৰিব লাগিছিল। মিত্ৰতাক লৈ বহু নেতা-বিধায়ক অসন্তুষ্ট আছিল। AIUDFএ বিজেপিৰ দৰে ব্যৱহাৰ কৰি আছে, আমি এইটো সহ্য নকৰোঁ। মিত্ৰতা সন্দৰ্ভত ছেপ্তেম্বৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব।"
সুস্মিতা দেৱে মন্তব্য কৰিছে যে বিৰোধী শিৱিৰত শূন্যতাই বিৰাজ কৰিছে আৰু সকলোৱেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত গদগদ। সুস্মিতাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়, "এইখন মহাভাৰতৰ দৰে। হিমন্ত বিশ্বই বহুদিন কংগ্ৰেছত আছিল আৰু তেওঁৰ বহু বন্ধু আছে কংগ্ৰেছত। যিসকলে হিমন্তৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে তেওঁলোকক বহিষ্কাৰ কৰা হ'ব।"
আনহাতে সুস্মিতাই তৃণমূল কংগ্ৰেছত যোগদান কৰাত কংগ্ৰেছৰ কিবা ক্ষতি হ'ব নেকি বুলি সোধা প্ৰশ্নত বৰাই কয় যে সুস্মিতাই বৰাকৰ পৰা সাংসদ বিধায়ক হৈছে...ইয়াৰ বাবে তেওঁ নিজকে কৃতিত্বৰ দাবীদাৰ বুলি কৈছে...গতিকে শিলচৰত পৰাজয়ৰ দায়িত্বও নিজেই ল'ব লাগে।
ইপিনে কেন্দ্ৰত কংগ্ৰেছ-তৃণমূলৰ মিত্ৰতাই অসমত কেনে প্ৰভাৱ পেলাব বুলি সোধাত ভূপেন বৰাই কয়, "অসমত তৃণমূল কংগ্ৰেছৰ চিন-মোকাম একো নাই।"
অখিল গগৈৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত ভূপেন বৰাই কয় যে অখিল গগৈৰ স্থিতি বিজেপি বিৰোধী, সেয়ে আমি কিছুমান বিষয়ক লৈ আলোচনা কৰিছোঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|