বিশ্ব বেংকৰ সাহাৰ্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজকেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘৱ বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিশ্ব বেংকৰ সাহাৰ্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজকেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘৱ বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিশ্বকৰ্মা পূজাৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৫ খনকৈ অত্যাদুনিক জাহাজ। বিশ্ব বেংকৰ সাহাৰ্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজকেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘৱ বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
জাহাজকেইখন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'সকলো চিংগল ইঞ্জিনৰ ফেৰী ডাবল ইঞ্জিন কৰা হ'ব। চিংগল ইঞ্জিনসমূহ ডাৱল কৰিবলৈ ধন প্ৰদান কৰিব চৰকাৰে। ১০ লাখ কৈ খৰচ হ'ব। ৰাজ্য চৰকাৰে আৰু ৫ খন ROPEX জাহাজ ক্ৰয় কৰিব।' সেইদৰে জাহাজৰ FITNESS পৰীক্ষা কৰাৰ লগতে জাহাজসমূহৰ পৰিচৰ্যাৰ বাবেও বিশেষ ব্যৱস্থা থাকিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলিব মুখ্যমন্ত্ৰীয়ে মুকলি কৰা জাহাজকেইখন।
মহানগৰীৰ লাচিত ঘাটত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় জাহাজ কেইখন। মুকলি হোৱা জাহাজ কেইখনৰ ভিতৰত ২খন উদ্ধাৰকাৰী জাহাজ, ৩খন যাত্ৰীবাহী জাহাজ। জাহাজ কেইখনৰ নাম MV Sonai, MV Lohit, MV Pratima, S.D.B Vikrant, S.D.B. Vishal।
ইফালে যাত্ৰীৰ বাবে মুকলি কৰা তিনিওখন জাহাজ গুৱাহাটী-কুৰুৱা, নিমাতীঘাট-কমলাবাৰী, ধুবুৰীলৈ প্ৰেৰণ কৰা হ'ব। আনহাতে উদ্ধাৰকাৰী জাহাজ দুখনৰ ভিতৰত এখন গুৱাহাটী আৰু আনখন মাজুলীৰ বাবে। ইফালে আজিৰ দিনটোতে আগন্তুক ৫-৬ বছৰৰ ভিতৰত মাজুলীৰ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|