বাংলাদেশ আৰু বৰাকৰ মাজত নদী পথেৰে আৰম্ভ হ’ব যাতায়াত!

চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে সু–সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্তঃ চন্দ্ৰ মোহন পাটোৱাৰী

News18-Assam
Updated:June 29, 2019, 3:32 PM IST
বাংলাদেশ আৰু বৰাকৰ মাজত নদী পথেৰে আৰম্ভ হ’ব যাতায়াত!
চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে সু–সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্তঃ চন্দ্ৰ মোহন পাটোৱাৰী
News18-Assam
Updated: June 29, 2019, 3:32 PM IST
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে এতিয়াব নদীপথেৰে যাত্ৰাপথ সুচল কৰি তুলিব চৰকাৰে। অচিৰেই বৰাক উপত্যকা আৰু বাংলাদেশৰ মাজত নদীপথেৰে আৰম্ভ কৰা হ’ব জাহাজ চলাচলৰ । এই ঘোষণা কৰে বাংলাদেশ ভ্রমণ কৰি  শুকুৰবাৰে শিলচৰত  হোৱা ৰাজ্যৰ পৰিবহন, উদ্যোগ আৰু বানিজ্য মন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে। এই নতুন পৰিকল্পনাৰ বাবে ইতিমধ্যে বৰাক নদীত আৰম্ভ হৈছে খনন কাৰ্য। ইয়াৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ২৫০ কোটি টকা বাংলাদেশকো মোকলাই দিছে বুলি মন্তব্য কৰে পাটোৱাৰীয়ে। প্রধান মন্ত্রীৰ এক্ট ইষ্ট পলিছিৰ অন্তৰ্গত ‘সম্পৰ্ক যাত্রা’ কাৰ্যসূচীৰে  অসমৰ ৩২ জনীয়া দলটোৰ নেতা হিচাপে চন্দ্র মোহন পাটোৱাৰী বাংলাদেশ ভ্ৰমণলৈ গৈছিল। শুকুৰবাৰে নিজৰ ভ্ৰমণ সামৰি শিলচৰত উপস্থিত হোৱাৰ পিছত শিলচৰৰ উপায়ুক্তৰ কাৰ্যলয়ত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই মন্তব্য কৰে ৰাজ্যৰ পৰিবহন মন্ত্ৰীগৰাকীয়ে। ইয়াি উপৰিও চুবুৰীয়া দেশ সমূহৰ সৈতে ব্যৱসায় বানিজ্য উন্নত কৰাৰ উদ্দেশ্যে বৰাকত কেবাটাও শিল্প প্রতিষ্ঠান গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰে পাটোৱাৰীয়ে৷
আৰু চাওক পৰৱৰ্তী বাতৰি