• Home
  • »
  • News
  • »
  • assam
  • »
  • Jal Jeevan Mission: নিৰ্মাণ সম্পূৰ্ণ হোৱা এমাহৰ পিছতে ভাগি পৰিল জলজীৱন মিছনৰ পানীৰ টেংকি 

Jal Jeevan Mission: নিৰ্মাণ সম্পূৰ্ণ হোৱা এমাহৰ পিছতে ভাগি পৰিল জলজীৱন মিছনৰ পানীৰ টেংকি 

নিৰ্মাণকাৰ্যত ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷

নিৰ্মাণকাৰ্যত ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷

নিৰ্মাণকাৰ্যত ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷

  • Share this:
ভাৰত চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনৰ কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ শিৱসাগৰ জিলাৰ নাজিৰা (Nazira) মহকুমাৰ অন্তৰ্গত গেলেকী শিঙিবিলত ৭৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ হৈ আছিল জলজীৱন  মিছনৰ পানী যোগান আঁচনিখনৰ কাম৷  বৃহত্তৰ শিঙিবিল অঞ্চলৰ ৰাইজৰ বাবে ৰূপায়িত জলজীৱন মিছনৰ (Jal Jeevan Mission) অধীনত নিৰ্মাণ কৰি থকা পানী যোগান আঁচনিৰ পানীৰ টেংকিটো কালি ভাগি পৰে৷

নিৰ্মাণকাৰ্যৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পানী জমা কৰাৰ সময়তে টেংকিটোৰ চাৰিওখন ৱাল ভাগি পৰে৷ স্থানীয় লোকে অভিযোগ কৰা মতে, ভূপেন বৰুৱা  নামৰ  ঠিকাদাৰজনে প্ৰথমৰ পৰাই নিজ মইমতালিৰে কাম কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে (Water tank of Jal jeevan Mission collapses) ৷

নিৰ্মাণকাৰ্যত ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ এই ঘটনাৰ পিছতে স্থানীয় লোকে সংবাদ মাধ্যমৰ  আগত ক্ষোভ প্ৰকাশ কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷
Published by:Gautam Barman
First published: