কালিৰে পৰা মধ্য প্ৰদেশৰ ভূপালত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনত Water Vision @2047 বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হোৱা ‘‘1st All India Annual State Ministers' Conference on Water’’ শীৰ্ষক সন্মীলনত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰি প্ৰথম দিনৰ কাৰ্যসূচীত অসমত বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ক বক্তব্য প্ৰদান কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট আৰু দেশৰ বহুকেইখন ৰাজ্যৰ জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰীসকল উপস্থিত থকা সন্মীলনখনত অসম চৰকাৰৰ হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ গ্ৰহণ কৰিছে।
সন্মিলনখনৰ প্ৰথম দিনৰ এটা সত্ৰত অসমত বান নিয়ন্ত্ৰণ আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৱলীৰ বিষয়ে উপস্থাপন ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰতি বছৰে বানত আক্ৰান্ত অসমত ৰাজ্য চৰকাৰে নতুন প্ৰযুক্তিৰ সহায়ত বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰি আহিছে। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগত কেন্দ্ৰীয় চৰকাৰে একপ্ৰকাৰে বৈষম্যমূলক মনোভাৱেৰে অসমক বান নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় পুঁজিৰ পৰা বঞ্চিত কৰি ৰাখিছিল বুলি কয়। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰা 'অষ্টলক্ষ্মী'ৰ উন্নয়নৰ বাবে বিগত প্ৰায় আঠ বছৰে বহুখিনি কৰিছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াস আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সদিচ্ছাৰ বাবে অসমে দীৰ্ঘবিৰতিৰ অন্তত বান নিয়ন্ত্ৰণৰ পুঁজি লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰাৰ লগতে অসমে ভাৰতৰ বাকী উন্নত ৰাজ্যবোৰৰ সমানে সমানে আগবাঢ়ি যাবলৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে আৰু অধিক সহায় কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে উপস্থিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীক আহ্বান জনায়।
মন্ত্ৰীগৰাকীৰ এই উপস্থাপনৰ সময়তে তেওঁ বান নিয়ন্ত্ৰণৰ বাবে অসমত জিঅ' টেক্সটাইলৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা আৰু পৰীক্ষামূলকভাৱে কৰা নদী খনন আদিৰ কথা বিশেষভাৱে উল্লেখ কৰে।
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধীনত, কেন্দ্ৰীয় জল মিছনৰ উদ্যোগত ভূপালত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মিলনখনৰ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্ৰীয় ৰাজ্যিক জলশক্তি মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী সকল উপস্থিত থাকে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 06, 2023, 18:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।