গৰাখহনীয়াৰ পৰা বহৰি সত্ৰ আৰু বহৰি বজাৰ ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
গৰাখহনীয়াৰ পৰা বহৰি সত্ৰ আৰু বহৰি বজাৰ ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
নৌকাৰে বৰপেটা জিলাৰ বহৰিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই। বৰপেটা জিলাৰ বহৰি সত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সত্ৰখনৰ লগতে যিকোনো উপায়ে অঞ্চলটো ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ আৰু নদীৰ সোঁত সলোৱাৰ বাবে পাৰ্কুপাইন আঁচনি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গৰাখহনীয়াৰ পৰা বহৰি সত্ৰ আৰু বহৰি বজাৰ ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
প্ৰকৃতিৰ লগত যুঁজা সহজ নহয় বুলি উল্লেখ কৰি নতুন চৰকাৰৰ নতুন দৃষ্টিভংগীৰ বাবে নতুন পৰিবেশলৈ বাট চাবলৈ তেওঁ আহ্বান জনায় ৷
আনহাতে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম স্থানীয় ঠিকাদাৰক দিব নালাগে বুলি বহৰিৰ ৰাইজে দাবী জনোৱাত স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেৰে হোৱা মুকলি নিবিদাৰ জৰিয়তেহে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
গৰাখহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী পীয়ূষ হাজৰিকাক সংগ দিয়ে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|