உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Pijush Hazarika: যোৰহাটৰ নিমাতীঘাটত হঠাৎ উপস্থিত হৈ কি কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই!

    Pijush Hazarika: যোৰহাটৰ নিমাতীঘাটত হঠাৎ উপস্থিত হৈ কি কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই!

    "মে' মাহৰ পৰা ছেপ্টেম্বৰলৈকে অধিক তৎপৰতাৰে কাম কৰি মথাউৰিসমূহ বচাব পাৰিলে মই ভাবোঁ বানপানীয়ে বেছি ক্ষতি কৰিব নোৱাৰিব।" মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য ।

    "মে' মাহৰ পৰা ছেপ্টেম্বৰলৈকে অধিক তৎপৰতাৰে কাম কৰি মথাউৰিসমূহ বচাব পাৰিলে মই ভাবোঁ বানপানীয়ে বেছি ক্ষতি কৰিব নোৱাৰিব।" মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য ।

    "মে' মাহৰ পৰা ছেপ্টেম্বৰলৈকে অধিক তৎপৰতাৰে কাম কৰি মথাউৰিসমূহ বচাব পাৰিলে মই ভাবোঁ বানপানীয়ে বেছি ক্ষতি কৰিব নোৱাৰিব।" মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য ।

    • Share this:
    জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে বিয়লি যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ মথাউৰিৰ চলি থকা কাম কাজ সমূহৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে আগন্তুক বানপানীৰ পৰা সাম্ভাব্য  খহনীয়া ৰোধৰ ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থাৱলীৰ সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ সৈতে  আলোচনা কৰে ৷ নিমাতীঘাটত বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জিঅ'বেগ, পাৰ্কুপাইন আৰু বুল হেডৰ প্ৰায় ২৫ কোটি টকাৰ কেইবাখনো আঁচনিৰ কাম চলি আছে ৷ এইক্ষেত্ৰত পাৰ্কুপাইন ব্যৱহাৰৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰাত মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনবোৰত জিঅ'বেগতকৈ পাৰ্কুপাইনৰ ব্যৱহাৰ  অধিক কৰা হ'ব বুলি জানিবলৈ   দিয়ে ।

    "আমি এইবাৰ জিঅ'বেগৰ এপ্ৰন ৩০ মিটাৰৰ সলনি ২০ মিটাৰলৈ হ্ৰাস কৰি বাকী থকা ১০ মিটাৰত পাৰ্কুপাইন স্ক্ৰীন দিছোঁ । এই পদ্ধতিৰে গৰাখহনীয়া প্ৰতিৰোধত অধিক সফলতা পোৱা যাব। আমি সেয়েহে আগন্তুক দিনবোৰত জিঅ'বেগৰ ব্যৱহাৰ কমাই পাৰ্কুপাইনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিম। আৰু বিভাগটোৱে মে' মাহৰ পৰা ছেপ্টেম্বৰলৈকে অধিক তৎপৰতাৰে কাম কৰি মথাউৰিসমূহ বচাব পাৰিলে মই ভাবোঁ বানপানীয়ে বেছি ক্ষতি কৰিব নোৱাৰিব।" মন্ত্ৰী পিযুষ হাজৰিকাই এনেদৰে কয় ।

    আনহাতে মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ তুলনাত মথাউৰি বিগত বাৰিষাত কমকৈ ভাঙিছে বুলি কয় যদিও এইবাৰ তুলনামূলকভাৱে বৰষুণৰ পৰিমাণো কম আছিল বুলি উল্লেখ কৰে । সাধাৰণ ভাৱে অহা বানপানী ৭০ শতাংশ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ আগতে মথাউৰিৰ চলি থকা কাম কাজ সমূহ শেষ হ'ব আৰু আগন্তুক বাৰিষা বিভাগটোৰ বাবে অগ্নীপৰীক্ষা হ'ব ।

    মন্ত্ৰীগৰাকীয়ে লগতে মথাউৰিৰ ওপৰত প্ৰায় ৮০০ কিলোমিটাৰ পথ নিৰ্মাণৰ আচনি লোৱা হৈছে বুলি জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ কাম সঠিক ভাৱে কৰিবলৈ বিষয়াসকলৰ লগতে ঠিকাদাৰসকলকো আহ্বান জনায় ।

    পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰী গৰাকীৰ লগত উজনি অসম (অনুসন্ধান ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুদ্ধিনাথ শ্যামৰ লগতে বিভাগটোৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷
    Published by:Manjumoni Borah
    First published: