"NEEPCO-য়ে পানী এৰিলে আমাৰ কষ্ট হয়" - NEEPCOক নিয়মিতভাৱে আৰু নিয়ন্ত্ৰিত ৰূপত পানী এৰিবলৈ আহ্বান জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

News18 Assam | News18-Assam
Updated:June 6, 2021, 4:27 PM IST
লখিমপুৰ আৰু গহপুৰৰ বানপানী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। 

লখিমপুৰ আৰু গহপুৰৰ বানপানী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। 

  • Share this:
NEEPCO-য়ে পানী এৰি দিয়াৰ ফলত  লখিমপুৰ জিলাত ৰঙানদীয়ে সৃষ্টি কৰিছে সংহাৰী ৰূপ। সেইদৰে  গহপুৰত মথাউৰি ভাঙি চত্ৰং নৈৰ বাহনি পানীয়ে চহৰখনৰ ৬ নং ৱাৰ্ড বুৰাই পেলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

মন্ত্ৰীগৰাকীয়ে কয়, 'নিপকোৱে পানী এৰি দিয়াটো আমাৰ কাৰণে কষ্টৰ কথা ৷ নিপকোক আমি অনুৰোধ জনাইছো, নিয়মিতভাৱে আৰু নিয়ন্ত্ৰণ কৰি যাতে পানী এৰি দিয়ে ৷  আনহাতে গহপুৰৰ চত্ৰং নদীত চিঙা মথাউৰিটোৰ ভংগ অংশ মেৰামতি কৰাৰ বাবে ইতিমধ্যে মই নিৰ্দেশ দিছো ৷ চত্ৰং নদী কিছুদিন পূৰ্বে মই পৰিদৰ্শন কৰিছিলো আৰু মথাউৰিটো স্থায়ীভাৱে নিৰ্মাণ কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিছো ৷ মথাউৰিৰ কাম নবেম্বৰৰ মাহৰ পৰা আৰম্ভ হ'ব ৷ বান আক্ৰান্ত লোক সকলৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য কৰা হ'ব আৰু পূৰ্বৰ চৰকাৰৰ দৰেই এইবাৰো  ৰিলিফ দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷'

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'মই নতুনকৈ জলসম্পদ বিভাগৰ দায়িত্ব লৈছো ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত বহু মথাউৰি নতুনকৈ নিৰ্মাণ কৰিব লাগিব ৷ কেইবাটাও মথাউৰি মেৰামতি কৰিব লাগিব ৷ এতিয়া স্থায়ী নিৰ্মাণ সম্ভৱ নহয় ৷ গতিকে এতিয়া অস্থায়ী কাম চলিব আৰু নবেম্বৰৰ মাহৰ পৰা স্থায়ী কাম আৰম্ভ কৰা হ'ব ৷ পৰ্যায়ক্ৰমে মথাউৰি সমূহ নিৰ্মাণ কৰি আমি অসম খনক বানপানীমুক্ত কৰিব লাগিব ৷'

ইফালে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই জিলাখনৰ সকলো বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ সমস্যাসমূহৰ বিষয়ে বুজ লোৱাৰ লগতে সমাধানৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ বিশেষকৈ জিলাখন কোভিড পৰিস্থিতি আৰু ভেকচিন প্ৰদান সন্দৰ্ভত বৈঠকত কৰা হয় আলোচনা ৷  বৈঠকৰ পিছতে বিশ্বনাথ-পানপুৰ মথাউৰি পৰিদৰ্শনৰ বাবে যায় মন্ত্ৰীগৰাকী ৷
Published by: Himangshu Bhuyan
First published: June 6, 2021, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি