শিৱাসাগৰ জিলাৰ ধিতাইপুখুৰীৰ নায়েৰা নামাৰ তেল ডিপুটোত পানী মিহলি ডিজেল বিক্ৰী কৰাৰ অভিযোগত আজি স্থানীয় লোকে তেল ডিপুটো বন্ধ কৰি দিয়ে।
শিৱাসাগৰ জিলাৰ ধিতাইপুখুৰীৰ নায়েৰা নামাৰ তেল ডিপুটোত পানী মিহলি ডিজেল বিক্ৰী কৰাৰ অভিযোগত আজি স্থানীয় লোকে তেল ডিপুটো বন্ধ কৰি দিয়ে।
শিৱাসাগৰ জিলাৰ ধিতাইপুখুৰীৰ নায়েৰা নামাৰ তেল ডিপুটোত পানী মিহলি ডিজেল বিক্ৰী কৰাৰ অভিযোগত আজি স্থানীয় লোকে তেল ডিপুটো বন্ধ কৰি দিয়ে। শনিবাৰে পুৱাই এজন গ্ৰাহকে নিজৰ টাটা ইনট্ৰা নামৰ গাড়ীখনত তেল ভৰোৱাৰ পিছতে বিকল হৈ পৰে গাড়ীখনৰ ইঞ্জিন ৷
পৰৱৰ্তী সময়ত গ্ৰাহকজনে বটলত তেল ভৰাই পৰীক্ষা কৰাত ডিজলৰ লগত পানীৰ উপস্থিতি ধৰা পৰে৷ বৰ্তমানলৈকে তেল ডিপুটোৰ স্বত্বাধিকাৰী বুধিন গগৈ তেল ডিপুটোত উপস্থিত হোৱা নাই৷ ইফালে স্থানীয় লোক আৰু দল সংগঠন তেল ডিপুটোত উপস্থিত হৈ তেল ডিপুটোৰ তেল পৰীক্ষা কৰি বিহিত ব্যৱস্থা লব'লৈ প্ৰশাসনক দাবী জনাইছে ৷
ইফালে গাড়ী চলাই পৰিয়াল পোহপাল দি থকা গাড়ী চালক তিলক দত্তই গাড়ীৰ ক্ষতিপূৰণৰো দাবী কৰিছে ৷ ইয়াৰ উপৰিও তেল ডিপুটোত তেল ভৰোৱা আন বহুকেইখন গাড়ীৰ ইঞ্জিন বিকল হোৱাৰ কথা পোহৰলৈ আহিছে৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|