'ফণী' ৰ প্ৰভাৱ, ধাৰাসাৰ বৰষুণত বাঢ়িছে লুইতৰ জলপৃষ্ঠ

পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১৬ চেণ্টিমিটাৰলৈ বৃদ্ধি

Dulu Medhi | news18assam
Updated:May 4, 2019, 4:08 PM IST
'ফণী' ৰ প্ৰভাৱ, ধাৰাসাৰ বৰষুণত বাঢ়িছে লুইতৰ জলপৃষ্ঠ
পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১৬ চেণ্টিমিটাৰলৈ বৃদ্ধি
Dulu Medhi | news18assam
Updated: May 4, 2019, 4:08 PM IST
কাল ঘূৰ্ণী ‘ফণী’ৰ বাবে অসমত বিগত ৩ দিনত হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি। গুৱাহাটীৰ কজাহৰীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপস্থিত কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ১৬ চেণ্টিমিটাৰলৈ বৃদ্ধি। প্ৰতিঘণ্টাত ২ৰ পৰা ৩চেণ্টিমিটাৰলৈ বৃদ্ধি হৈ আছে। ‘শনিবাৰে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ একেৰাহে বাঢ়ি গৈ আছে আৰু বৃষ্টিপাতৰ লগতে দ্ৰুতবেগত বতাহো বলি আছে।’– এই কথা জনালে জল আয়োগৰ কৰ্মচাৰী শৰতচন্দ্ৰ কলিতাই।
আৰু চাওক পৰৱৰ্তী বাতৰি