মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গেছ চিলিণ্ডাৰত নাই গেছ, তাৰ পৰিৱৰ্তে ওলাইছে লিটাৰে লিটাৰে পানী! ক'ত সংঘটিত হৈছে এই ঘটনা?

গেছ চিলিণ্ডাৰত নাই গেছ, তাৰ পৰিৱৰ্তে ওলাইছে লিটাৰে লিটাৰে পানী! ক'ত সংঘটিত হৈছে এই ঘটনা?

News18 Assam | News18-Assam
Updated:July 20, 2020, 5:09 PM IST
গেছ চিলিণ্ডাৰত নাই গেছ, তাৰ পৰিৱৰ্তে ওলাইছে লিটাৰে লিটাৰে পানী! ক'ত সংঘটিত হৈছে এই ঘটনা?
গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰোতে সাৱধান হওক।

গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰোতে সাৱধান হওক।

  • Share this:
গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰোতে সাৱধান হওক। এজেঞ্চীৰ পৰা চিলিণ্ডাৰ লওতে পৰীক্ষা কৰাওক চিলিণ্ডাৰটো। নহ'লে কেতিয়াবা হয়তো বিপদ মাতি আনিব পাৰে চিলিণ্ডাৰে। গহপুৰত সংঘটিত হ'ল আজৱ ঘটনা। সোমবাৰে গহপুৰৰ কাজল সৰকাৰ নামৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল এটা চিলিণ্ডাৰ। কিন্তু ৰন্ধন কাৰ্যৰ বাবে গেছ সংযোগ কৰোতেই ধৰা পৰিল চিলিণ্ডাৰটোত গেছ নাই; আছে কেৱল পানী।

তললৈ চিলিণ্ডাৰটো ওলোটাই দিয়াত ওলাল লিটাৰে লিটাৰে পানী। চিলিণ্ডাৰৰ ভিতৰত গেছৰ পৰিৱৰ্তে পানী ওলোৱা ঘটনাই এতিয়া গহপুৰত বিশেষ চৰ্চা চলিছে।  প্ৰশ্ন হৈছে,কেনেকৈ চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে সোমাল লিটাৰে লিটাৰে পানী?

এনেদৰে চিলিণ্ডাৰৰ পৰা পানী ওলোৱা ঘটনাৰ এতিয়া তদন্ত বিচাৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। লগতে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰি, কি কাৰণে গেছ এজেঞ্চী সমূহে কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ গেছ চিলিণ্ডাৰ যোগান ধৰিছে, সেই বিষয়লৈও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে।
Published by: Himangshu Bhuyan
First published: July 20, 2020, 5:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি