• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ নিমাতীঘাটত যাত্ৰীবাহী ফেৰীত হঠাৎ হোৰাহোৰে সোমাল পানী, যাত্ৰীৰ মাজত হাহাকাৰ

যোৰহাটৰ নিমাতীঘাটত যাত্ৰীবাহী ফেৰীত হঠাৎ হোৰাহোৰে সোমাল পানী, যাত্ৰীৰ মাজত হাহাকাৰ

ফেৰীখনৰ পিছফালে থকা টয়লেটৰ কমোদৰ পাইপেৰে ফেৰিখনলৈ পানী সোমাই অহাত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ফেৰীখনৰ পিছফালে থকা টয়লেটৰ কমোদৰ পাইপেৰে ফেৰিখনলৈ পানী সোমাই অহাত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ফেৰীখনৰ পিছফালে থকা টয়লেটৰ কমোদৰ পাইপেৰে ফেৰিখনলৈ পানী সোমাই অহাত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

  • Share this:
যোৰহাটৰ নিমাতীঘাটত বুধবাৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ যাত্ৰী কঢ়িয়াই নিয়া এছ বি জলতৰী নামৰ ফেৰীখনত হঠাৎ সৃষ্টি হয় এক অপ্ৰত্যাশিত পৰিস্থিতিৰ। যাত্ৰীবাহী ফেৰীখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰাওনা হ’বলৈ সাজু হওঁতেই ফেৰীখনলৈ হোৰহোৰাই সোমাই আহে পানী।

ফেৰীখনৰ পিছফালে থকা টয়লেটৰ কমোদৰ পাইপেৰে ফেৰিখনলৈ পানী সোমাই অহাত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগেই যাত্ৰীসকলক ফেৰীখনৰ পৰা নমাই অনা হয় আৰু পিছত বেলেগ এখন ফেৰীৰে মাজুলীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়।

প্ৰথম অৱস্থাত ফেৰীখনৰ পিছফালে মাত্ৰাধিক সামগ্ৰী বোজাই কৰাৰ সন্দেহ কৰা হৈছিল। কিন্তু ফেৰীখনৰ কৰ্মচাৰীয়ে স্পষ্ট কৰিছে যে ফেৰীত নিৰ্ধাৰিত পৰিমাণতে যাত্ৰী আৰু দুচকীয়া বাহন উঠোৱা হৈছিল। বাইকসমূহ উঠোৱাৰ সময়ত ফেৰীখনৰ টয়লেটৰ কমোদেৰে নদীৰ পানী চিটিকি ভিতৰলৈ আহিছিল। আৰু সেই দৃশ্য চাবলৈ বহু সংখ্যক যাত্ৰী ফেৰীখনৰ পিছৰ অংশলৈ একেলগে গুচি অহাত কমোদৰ পাইপেৰে ফেৰিখনলৈ পানী সোমাবলৈ ধৰে বুলি জানিবলৈ দিয়ে ফেৰীখনৰ কৰ্মচাৰীয়ে। উল্লেখ্য বিগত বৰ্ষত ৮ ছেপ্টেম্বৰৰ দিনটোতে নিমাতীত সংঘটিত হৈছিল দেশ কঁপোৱা ফেৰী দুৰ্ঘটনা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি