ৰিপুঞ্জয় নাথঃ মানুহ নিৰোগী হৈ জীয়াই থাকিবলৈ লাগে এটুপি বিশুদ্ধ খোৱা পানী, কিন্তু এতিয়াও বিশুদ্ধ খোৱা পানীৰ অভাৱত দিন কটাবলগীয়া হৈছে অধিকাংশ ঠাইৰ মানুহে। খোৱাপানীৰ এই হাহাকাৰ অৱস্থা স্বয়ং জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰীৰ গৃহজিলাতে দেখিবলৈ পোৱা গৈছে। এতিয়াও আদিম মানৱৰ দৰে নৈৰ বুকুৰ পৰা নিগৰি আহি এটা গাঁতত জমা হোৱা লেতেৰা পানী খাই জীয়াই আছে অঞ্চলটোৰ মানুহ। ওদালগুৰি জিলাৰ ডিমাকুছিৰ সমীপৰ শিমলুগুৰি গাঁৱৰ দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ।
![]()
দেখাত পৰিষ্কাৰ যেন লাগিলেও এই পানীত উপঙি থকা দেখা যায় সাপ, বেং, শেলুৱৈ আদি। একবিংশ শতিকাৰ মানুহ হৈয়ো এতিয়াও এই অঞ্চলৰ মানুহে এটুপি বিশুদ্ধ পানী পাবলৈ সক্ষম নহ'ল। শিমলুগুৰি গাঁৱত আজিলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো এক আঁচনিয়েই আজিলৈ ঢুকি নাপালে। বহুদূৰ গাঁৱৰ মহিলা সকলে এই লেতেৰা পানী নিবলৈ আহিব লাগে নিতৌ। নৈৰ পানী বাঢ়িলে পানীবোৰ হৈ পৰে সম্পূৰ্ণ লেতেৰা।
![]()
আৰু সেই লেতেৰা পানীকেই গাঁও বাসীয়ে উতলাই খাব লগীয়া হয়। এই লেতেৰা পানী খাই অঞ্চলটোৰ শিশুসকলৰ গাত দেখা দিছে বিভিন্ন বেমাৰে। মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ জিলাতেই এনেদৰে এই খন মানুহে এনেদৰে লেতেৰা পানীকেই সেৱন কৰি আহিব লগা হৈছে বছৰ বছৰ ধৰি।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|