মুখ্যপৃষ্ঠা »খবৰ »অসম »Water Crisis : এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ, আদিম যুগৰ দৰে নলা-নিজৰাৰ পানী খাই জীৱন যাপন

Water Crisis : এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ, আদিম যুগৰ দৰে নলা-নিজৰাৰ পানী খাই জীৱন যাপন

BTCৰ কিছু অঞ্চলত খোৱা পানীৰ নাটনি

Water Crisis : বিশুদ্ধ নহয়, খোৱা পানীৰ বাবে হাহাকাৰ বিটিচি অঞ্চলত। আজিৰ দিনতো আদিম যুগৰ দৰে নলা-নাদ আৰু কেঁচা কুৱাৰ পানী খাই জীৱন যাপন কৰিব লগা হৈছে গাঁওবাসীয়ে। 

  • Share this:
ডিজিটেল ইণ্ডিয়া শ্ল'গান তথা পৰিবৰ্তনকামী চৰকাৰৰ নতুন নতুন আচঁনি এইবোৰ যেন এক অলীক সপোন এই মানুহখিনিৰ বাবে। বিশুদ্ধ পানী বাদেই মাত্ৰ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ (Waer Crisis) আদৰ্শ বিটিচি অঞ্চলত। আজিৰ দিনতো আদিম যুগৰ দৰে নলা-নাদ আৰু কেঁচা কুৱাৰ পানী খাই জীৱন যাপন কৰিব লগা হৈছে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দূৰ্গম অঞ্চলৰ গাঁওবাসীয়ে।

বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ একেবাৰে দুৰ্গম তথা পাহাৰীয়া অঞ্চল মতিঝোৰা আৰু মুসলঝোৰা ভি চি ডি চিৰ মুৰ্শলঝোৰাৰ ঝাৰ, বেংডোবা, পাথৰডুবি, হাতীখাল, শান্তিপূৰ্ণ, বেংগাইঝোৰা, হৰকুম, শিলাইমাথা,  বমভোলা, বেংগাইঝোৰা, দুইবেনী, বেংগাইডোবা, শিংগিমাৰী,  শুকানঝোৰা আদি কৰি কেইৱাখনো গাঁৱত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে গঞা ৰাইজে। খোৱা পানীৰ বাবে নিজেই 80/100 ফুট গভীৰ কুৱা খান্দি পানী খাব লগা হৈছে কেইবাখনো গাঁৱৰ গঞাই।

অঞ্চলটোত মাটিৰ তলত ডাঙৰ ডাঙৰ শিল থকা বাবে দমকল বহাব নোৱাৰে। এনেকি দূখীয়া ৰাইজে অধিক খৰচ হোৱা বাবে কুৱাও বহাব নোৱাৰে। ফলত আদিম মানৱৰ দৰে নলা-নাদৰ দূষিত পানী সেৱন কৰিব লগা হৈছে মুসলঝোৰা আৰু মতিঝোৰা ভি চি ডি চিৰ কেইবাখনো গাঁৱৰ ৰাইজে।

পৰিৱৰ্তনৰ নামত বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ বাবে শাসনাধিষ্ঠ চৰকাৰ তথা বি টি চি প্ৰশাসনে কোটি কোটি টকা ব্যয় কৰি থকাৰ সময়তে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱাটো সচাকৈয়ে দুৰ্ভাগ্যজনক। যাৰ বাবে প্ৰায়সংখ্যক মানুহে ডায়েৰিয়া, জণ্ডিছ আদি জটিল ৰোগত ভুগিব লগা হৈছে। ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা চৰকাৰ খনে কেতিয়াবা সুদৃষ্টি দিবনে এই অঞ্চল সমূহলৈ। তাৰেই অপেক্ষাত আছে গাঁওবাসী।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি