• Home
  • »
  • News
  • »
  • assam
  • »
  • অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এতিয়া গভীৰ সংকটত দিহিং-পাটকাই অভয়াৰণ্য 

অইল ইণ্ডিয়াৰ গাফিলতিৰ বাবে এতিয়া গভীৰ সংকটত দিহিং-পাটকাই অভয়াৰণ্য 

বন্যহস্তীৰ লগতে জীৱকুলে পানী সেৱন কৰা অন্যতম জানটোত কেৱল এতিয়া খাৰুৱা আৰু বৰ্জিত ৰাসায়নিক পদাৰ্থই প্ৰদূষণ সৃষ্টি কৰাত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে জীৱকুলৰ প্ৰতি।

  • Share this:
অভিশপ্ত বাঘজানৰ ঘটনাৰ পৰা শিক্ষা লোৱা নাই অইল কৰ্তৃপক্ষই। অইলৰ যোৰাজান তৈলক্ষেত্ৰৰ ২৪নং তৈলখাদৰ পৰা খাৰুৱা তেল আৰু বৰ্জিত ৰাসায়নিক পদাৰ্থ বিয়পি দিহিং পাটকাই অভয়াৰণ্যত সিঁচৰতি হৈ এতিয়া ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰিছে। বন্যহস্তীৰ লগতে জীৱকুলে পানী সেৱন কৰা অন্যতম জানটোত কেৱল এতিয়া খাৰুৱা আৰু বৰ্জিত ৰাসায়নিক পদাৰ্থই প্ৰদূষণ সৃষ্টি কৰাত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে জীৱকুলৰ প্ৰতি।

ইফালে যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে যদিও অইলে খাৰুৱা তেল আৰু বৰ্জিত ৰাসায়নিক পদাৰ্থ জানটোৰ পৰা উঠাই নিয়াৰ ক্ষেত্ৰত কোনাে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি অগ্নিনিৰ্বাপক বাহিনী তথা দুৰ্যোগ ব্যৱস্থাপনাৰ কোনো লোকক মোতায়েন কৰা হোৱা নাই ঘটনাস্থলীত।

কেৱল কেইখনমান ভঙা টিনপাত জানটোত দি দায়িত্ব সামৰিছে অইল কৰ্তৃপক্ষই। এনে প্ৰেক্ষাপটত যদিহে অইল কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে দিহিং পাটকাই অভয়াৰণ্যৰ জীৱকুলৈ বিপদ নামি অহাৰ লগতে বাঘজান কাণ্ড যে পুনৰবাৰ সংঘটিত হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি