মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৬ মাহলৈ গাঁৱৰ সকলো মহিলাৰ কাপোৰ ধোৱাৰ নিৰ্দেশ, ধৰ্ষণৰ গোচৰত অভিযুক্ত ব্যক্তিক জামিন প্ৰদান কৰিলে আদালতে

৬ মাহলৈ গাঁৱৰ সকলো মহিলাৰ কাপোৰ ধোৱাৰ নিৰ্দেশ, ধৰ্ষণৰ গোচৰত অভিযুক্ত ব্যক্তিক জামিন প্ৰদান কৰিলে আদালতে

News18 Assam | News18-Assam
Updated:September 23, 2021, 1:15 PM IST
৬ মাহলৈ গাঁৱৰ সকলো মহিলাৰ কাপোৰ ধোৱাৰ নিৰ্দেশ, ধৰ্ষণৰ গোচৰত অভিযুক্ত ব্যক্তিক জামিন প্ৰদান কৰিলে আদালতে
৬মাহৰ পিছত অভিযুক্তই গাঁওবুঢ়াৰ পৰা সুচাৰূপে কাম সমাধান কৰাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি আদালতক জমা দিব লাগিব

৬মাহৰ পিছত অভিযুক্তই গাঁওবুঢ়াৰ পৰা সুচাৰূপে কাম সমাধান কৰাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি আদালতক জমা দিব লাগিব

  • News18 Assam
  • Last Updated: September 23, 2021, 1:15 PM IST
  • Share this:
বিহাৰৰ মধুবনী জিলাৰ এখন নিম্ন আদালতে শালীনতা হানি আৰু ধৰ্ষণৰ অপচেষ্টাত লিপ্ত হোৱা এজন অপৰাধীক স্ব-গাঁৱৰ সকলো মহিলাৰ কাপোৰ ৬মাহৰ কাৰণে বিনামূলীয়াকৈ ধুই ইস্ত্রী কৰি দিয়াৰ চৰ্তত জামিন প্ৰদান কৰে।

আৰু ৬ মাহৰ পিছত অভিযুক্তই গাঁওবুঢ়াৰ পৰা সুচাৰূপে কাম সমাধা কৰাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি আদালতক জমা দিব লাগিব । এই নিৰ্দেশ প্ৰদান কৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীয়ে ১০ হাজাৰ টকা মূল্যৰ bail bond দিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, মধুবনীৰ লাওকাহা জে'লত বিচাৰাধীন কয়দী হিচাপে বন্দী হৈ থকা লালন কুমাৰ নামৰ অভিযুক্তজন এজন ধোবা। যোৱা ১৬জুলাইৰ পৰা তেওঁ ন্যায়িক জিম্মাত আছে। ১৯ ছেপ্তেম্বৰ তাৰিখে তেওঁ জামিন লাভ কৰে।

ইয়াৰ পূৰ্বেও ন্যায়াধীশজনে যোৱা আগষ্ট মাহত আন এটা গোচৰত অভিযুক্ত এজন ব্যক্তিক ৫টা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীৰ তিনিমাহৰ শিক্ষাৰ খৰচ বহন কৰাৰ চৰ্তত জামিন প্ৰদান কৰিছিল।
Published by: Himangshu Bhuyan
First published: September 23, 2021, 1:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি