মুখ্যপৃষ্ঠা »খবৰ »অসম »দেৱাশীষ গগৈ হত্যাকাণ্ডৰ আঁৰত আঠাইছ শিলা পাহাৰৰ পৰ্যটন থলী বন্ধ কৰাৰ কু–চক্ৰান্ত! অনুসন্ধানত বিস্ফোৰক তথ্য!

দেৱাশীষ গগৈ হত্যাকাণ্ডৰ আঁৰত আঠাইছ শিলা পাহাৰৰ পৰ্যটন থলী বন্ধ কৰাৰ কু–চক্ৰান্ত! অনুসন্ধানত বিস্ফোৰক তথ্য!

  • Share this:
দেৱাশীষ গগৈ হত্যাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।ইতিমধ্যে আৰক্ষীয়ে তদন্ত জোৰদাৰ কৰা লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰকৃততে দেৱাশীষ গগৈৰ হত্যাৰ পট ভূমি কি আছিল? ইয়াৰ আঁৰৰ কাহিনী উদ্ধাৰৰ বাবে NEWS18 ৰ ফালৰ পৰা চলোৱা হৈছিল অনুসন্ধান।

গাভৰু পৰ্বত চাহ বাগিছা।বৃটিছৰ দিনতে স্থাপন হোৱা এখন ঐতিহাসিক চাহ বাগিছা। দেৱাশীষ গগৈৰ লগত সংঘটিত অমানৱীয় ঘটনাই কলংকিত কৰিলে বাগিছাখন। কলকাতাৰ মুন্না আগৰৱালা নামৰ এজন লোকৰ মালিকানাধীন সংগ্ৰাম দেভক'ন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ভাস্কৰ টি কোম্পানীৰ পৰা দুবছৰ পূৰ্বে গাভৰু চাহ বাগিছা কিনি লোৱা পাছৰে পৰা বাগিছাখনত হিটলাৰী শাসন  আৰম্ভ হোৱাৰ অভিযোগ উঠিছিল।

উল্লেখযোগ্য যে, যোৰহাট জিলাৰ পূব প্ৰান্তত থকা গাভৰু এক ঐতিহাসিক তথা প্ৰাকৃতিকভাৱে ভাৱে অতি মনোমোহা অঞ্চল। লোকপটন্তৰ, ঐতিহ্য আৰু নৈসৰ্গিক শোভাই মনোমোহা কৰা গাভৰু পৰ্বতৰ আঠাইছ শিলাৰ সৌন্দৰ্য অসমতে সৰ্বজনবিদিত। এই গাভৰু আঠাইছ শিলাতে আছে হাটীয়েমূতা জলপ্ৰপাত, জেং দিয়া বুঢ়ী পথাৰ। আহোম ৰাজত্ব কালৰ লাহদৈগড় আৰু চিন্তামণিগড়ৰ উৎপতি স্থল। দুয়োটা ঐতিহাসিক গড়ৰ সংগম স্থলত থকা আঠাইছ শিলা পৰ্যটকৰ মাজত আকৰ্ষণ কৰিবলৈ অঞ্চলটোৰ লোক সকলে গাভৰু ই'ক টুৰিজম ডেভলপমেন্ট কমিটি গঠন কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

গাভৰু আঠাইছ শিলাৰ সেউজ নৈসৰ্গিক পৰিবেশত কেইবাখনো অসমীয়া বোলছবি, ভি চি ডি আৰু গানৰ দৃশ্য গ্ৰহণ হৈছিল।গাভৰু আঠাইছ শিলাৰ সৌন্দয্য চাবলৈ অসমৰ বহু দূৰ দুৰনীৰ পৰা পৰ্যটকৰ আগমন হয়। আঠাইছ শিলাৰ সৰু সৰু টিলাবোৰৰ সেউজ চাহ বাগিছাই অঞ্চলটোক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে। গাভৰু আঠাইছ শিলালৈ ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত বনভোজ দলৰ আগমন হৈছিল। অসমৰ পৰ্যটন মানচিত্ৰত স্থান পাবলৈ আগবাঢ়িছিল গাভৰু আঠাইছ শিলাই। অসমৰ বহু বিশিষ্ট ব্যক্তিয়ে গাভৰু পৰ্বত চাহ বাগিছাক লৈ চাহ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাও ব্যক্ত কৰিছিল। অসমৰ বহু বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু জনপ্ৰিয় গায়ক গাভৰুৰ মোহত বন্দী হৈছিল। জনপ্ৰিয় সংগীত শিল্পী কৃষ্ণমণি চুতীয়াই গাভৰুক লৈ এটি গীত লিখাৰ পৰিকল্পনাও কৰিছিল। আনহাতে গাভৰুৰ কিংবদন্তি আৰু সৌন্দৰ্যক লৈ শিৱসাগৰৰ বিশিষ্ট কবি প্ৰেম গগৈয়ে গাভৰু শীৰ্ষক এটা কবিতা লিখিছিল।

কিন্ত ব্যৱসায়িক মুনাফা আদায় কৰিবলৈ অহা অনা অসমীয়া বনিয়া মালিক পক্ষই গাভৰু আঠাইছ শিলা পৰ্যটন স্থলী হোৱাতো বিচৰা নাছিল! গাভৰুক কোনো পধ্যে পৰ্যটন স্থলী ৰূপে গঢ় দিব নোৱাৰাৰ চক্ৰান্তত গাভৰু চাহ বাগিছাৰ মালিক পক্ষ লিপ্ত হোৱাৰ অভিযোগ। বৰ্তমান সময়ত গাভৰু আঠাইছ শিলা সেউজ চাহ বাগিছাৰে অতি মনোমোহা হৈ আছে। কাষৰীয়া যুৱক যুৱতী সকল আঠাইছ শিলাৰ সেউজ পৰিবেশত গৈ পূৰ্বতে মুকলি কৈ ফুৰিব পাৰিছিল। কিন্তু নতুন মালিক পক্ষৰ নিৰ্দেশত বাগিছা কৰ্তৃপক্ষই এই ঐতিহাসিক আঠাইছ শিলা পৰ্যটক তথা স্থানীয় ৰাইজৰ বাবে পথ বন্ধ কৰি প্ৰৱেশ নিষিদ্ধ কৰি দিছিল। ফলত গাভৰু আঠাইছ শিলা চাবলৈ অহা বহু পৰ্যটক হতাশ হৈ উভটি যাবলগীয়া হৈছিল বিগত দিনসমুহত।

অভিযোগ মতে, গাভৰু চাহ বাগিছাৰ মালিক পক্ষই স্থানীয় ৰাইজৰ অলক্ষিতে গোপনে চৰকাৰী চিলিং মাটি আৰু মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস কৰি চৰকাৰী মাটিত চাহ বাগিছা স্থাপন কৰিছিল। এই কু অভিসন্ধি ৰাইজৰ আগত উন্মোচিত ন'হবৰ বাবেই আঠাইছশিলাত সাধাৰণ লোকৰ প্ৰৱেশ বাগিছা কৰ্তৃপক্ষই নিষিদ্ধ কৰাৰ চৰ্চা।

ফাইল ফটো।


দেৱাশীষ সহ যি সাত জনীয়া বন্ধুৰ দল ২৯ মে' তাৰিখে গাভৰু আঠাইছ শিলা চাবলৈ গৈছিল সেই দলটোক বাগিছাখনৰ চকীদাৰ দীপক চাওৰা আৰু বলবীৰ সিঙ নামৰ পৰিচালকজনে বাধা প্ৰদান কৰিছিল। কিন্ত ইয়াৰ প্ৰতিবাদ জনাইছিল দেৱাশীষে যাৰ ফলত চকীদাৰ আৰু পৰিচালকৰ লগত সংঘাত হৈছিল দেৱাশীষৰ। দেৱাশীষ আৰু বন্ধু আদিত্যৰ ম'বাইল ফোন দুটাও জব্দ কৰি ৰাখি থয় দীপক চাওৰা নামৰ চকীদাৰ জনে। আনহাতে চকীদাৰ জনে আৰু কেইবাজনো চকীদাৰক উক্ত স্থানলৈ চিঞৰি মতাত পৰিস্থিতি অধিক অৱনতি হোৱাৰ আংশকাত উক্ত স্থানৰ পৰা দেৱাশীষ আৰু বন্ধু আদিত্য স্কুটীৰে আঁতৰি যাবলৈ চেষ্টা কৰি গাভৰু আলি গাঁৱৰ দিশে যাওতে কল ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়।

আঠাইছ শিললৈ সোমাৱা এই গেটখন বন্ধ থকাৰ বাবে চকীদাৰৰ সৈতে সংঘাত হৈছিল দেৱাশীষৰ। গাভৰু চাহ বাগিছাই আঠাইছ শিলক পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰাক লৈ ক্ষোভ।


এই ঘটনাৰে চকীদাৰ আৰু বাগিছা পৰিচালকজনে পূৰ্ণ সুযোগ লোৱাৰ অভিযোগ। পৰিচালক জনে পৰোক্ষভাৱে শ্ৰমিক সকলক দেৱাশীষৰ ওপৰত আক্ৰমনৰ সুযোগ প্ৰদান কৰে। অভিযোগ মতে,  সংঘাতত লিপ্ত হোৱা চকীদাৰজনো দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দেৱাশীষক মাৰ পিট কৰা লগতে শ্ৰমিক সকলকো উত্তেজিত কৰি তুলিছিল। এই ঘটনাৰ যোগেদি আঠাইছ শিলালৈ পৰ্যটক অহাৰ বাট বন্ধ কৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে গাভৰু চাহ বাগিছাৰ পৰিচালকৰ বিৰুদ্ধে।

এই সমগ্ৰ বিষয়ত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্ৰেই প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ আশা কৰা হৈছে। দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ তদন্ত ফাষ্ট ট্ৰেক ক’ৰ্টত কৰাৰ কথা ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।

শেহতীয়া বাতৰি