• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDF প্ৰধান বদৰুদ্দিন আজমলে সঁচাকৈ কৈছিল নেকি ইছলামিক ৰাষ্ট্ৰ গঠনৰ কথা? ভাইৰেল ভিডিওৰ প্ৰকৃত সত্য জানিবলৈ চাওক Video

AIUDF প্ৰধান বদৰুদ্দিন আজমলে সঁচাকৈ কৈছিল নেকি ইছলামিক ৰাষ্ট্ৰ গঠনৰ কথা? ভাইৰেল ভিডিওৰ প্ৰকৃত সত্য জানিবলৈ চাওক Video

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বদৰুদ্দিন আজমলৰ এটা ভিডিও।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বদৰুদ্দিন আজমলৰ এটা ভিডিও।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বদৰুদ্দিন আজমলৰ এটা ভিডিও।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বদৰুদ্দিন আজমলৰ এটা ভিডিও। ভিডিওটোত আজমলে ইছলামিক ৰাষ্ট্ৰ গঠনৰ সন্দৰ্ভত মন্তব্য কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। কিন্তু প্ৰকৃততে কিমান সঁচা এই অভিযোগ? সঁচাকৈয়ে বদৰুদ্দিন আজমলে কৰিছিলনে তেনে কোনো সাম্প্ৰদায়িক মন্তব্য?

আচলতে বদৰুদ্দিন আজমলে ৰাজহুৱা সভাত কৰা এটা মন্তব্য বিকৃত ৰূপত উপস্থাপন কৰি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল একাংশ দুষ্ট চক্ৰই।



প্ৰকৃততে আজমলে কৈছিল যে,

''আপোনালোকে জানেনে, এই ভাৰতবৰ্ষত ৮০০ বছৰ মোগল বাদশ্বাহে ৰাজত্ব
কৰিছিল।কোনোদিন এই সপোন দেখাৰ সাহস হোৱা নাছিল যে, এই দেশক ইছলামিক ৰাষ্ট্ৰ
বনাব। গোটেই আঠশ বছৰত এনে এখন ভাৰতবৰ্ষ বনোৱা নাছিল য'ত সকলো মুছলমান
মানুহ থাকিব, এজনো হিন্দু মানুহ নাথাকে। এনেকুৱা বনাইছিল নেকি, বনাইছিল নেকি...?

নাই বনোৱা। চেষ্টাও কৰা নাছিল। কাৰণ এনে কৰাৰ সাহস নাই। তাৰ পিছত ২০০ বছৰ ইংৰাজে এই দেশ শাসন কৰিলে। ইংৰাজেও সাহস কৰা নাছিল যে ভাৰতবৰ্ষ আমি খ্ৰীষ্টান ৰাষ্ট্ৰ বনাম। সাহস কৰিছিল নেকি...? নাই কৰা। তাৰ পিছত, দেশ স্বাধীন হোৱাৰ ৭০ বছৰৰ ভিতৰত ৫৫ বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে। জৱহৰলাল নেহৰু, শাস্ত্ৰীৰ পৰা ৰাজীৱ
গান্ধী,মনমোহন সিং, নৰসিংহ ৰাও পৰ্যন্ত কোনো এজন কংগ্ৰেছী নেতাই এই সপোন দেখা
নাই যে, ভাৰতবৰ্ষ আমি হিন্দু ৰাষ্ট্ৰ বনোৱা হ'ব।

মোদী জী..মোদী-জী...এই সপোন নেদেখিব, আপোনাৰ সপোন ভুল হৈ যাব, এইবাৰ মোদী জী, হিমন্ত বিশ্ব শৰ্মা, আৰ এছ এছ আৰু বিজেপিক আপোনালোকে জবাব দিব লাগিব, তলা চাবিত এনেকৈ ভোট দিব লাগিব যাতে, তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে। চৰকাৰ কাৰ হ'ব?  মহাজোঁটবন্ধনৰ।''
Published by:Himangshu Bhuyan
First published: