• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধায়ক শ্বেৰমানক গ্ৰেপ্তাৰৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈছিলনে আৰক্ষীয়ে? DGPৰ সন্দৰ্ভত কি ক'লে অধ্যক্ষ দৈমাৰীয়ে?

বিধায়ক শ্বেৰমানক গ্ৰেপ্তাৰৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈছিলনে আৰক্ষীয়ে? DGPৰ সন্দৰ্ভত কি ক'লে অধ্যক্ষ দৈমাৰীয়ে?

বিধানসভাৰ নিয়ম ব্যাখ্যা কৰিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

বিধানসভাৰ নিয়ম ব্যাখ্যা কৰিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

বিধানসভাৰ নিয়ম ব্যাখ্যা কৰিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

  • Share this:
অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি গ্ৰেপ্তাৰ হোৱা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ সন্দৰ্ভত বুধবাৰে মুখ খুলিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ সদন চলি নথকাৰ সময়ত অধ্যক্ষৰ অনুমতি নোলোৱাকৈ আৰক্ষীয়ে গুৰুতৰ অভিযোগত বিধায়কক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি উল্লেখ কৰে অধ্যক্ষই ৷ লগতে গৰুখুঁটিৰ ঘটনাৰ দিনা নিশা বিধায়কৰ সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই কৰা মন্তব্যই বিধানসভাৰ বিশেষাধিকাৰ ভংগ কৰাৰ উপযুক্ত প্ৰমাণ বিধানসভাই পোৱা নাই বুলি সদৰি কৰে অধ্যক্ষ দৈমাৰীয়ে ৷

বিধায়কক গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে ল'ব লাগে নেকি অধ্যক্ষৰ অনুমতি? শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ পূৰ্বে লৈছিল নে অধ্যক্ষৰ অনুমতি?

এই সন্দৰ্ভত চলা চৰ্চাক লৈ বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে দিলে উত্তৰ ৷ বিধানসভাৰ নিজ সভাকক্ষত সাংবাদিকৰে হোৱা বাৰ্তালাপত অধ্যক্ষ দৈমাৰীয়ে ক'লে- “সদন চলি থকাৰ সময়ত গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ল'ব লাগে অনুমতি ৷ সদন চলি নাথাকিলে গ্ৰেপ্তাৰৰ পিছত জনাব লাগে অধ্যক্ষক ৷“

বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছত নিয়মানুসৰি অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে অধ্যক্ষক জনোৱা বুলি বুধবাৰে সাংবাদিকক সদৰি কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷
Published by:Himangshu Bhuyan
First published: