মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত শুৱালকুছি উন্নয়ন খণ্ডত ২০১৮-১৯ বিত্তীয় বৰ্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে চৰ উন্নয়নৰ বাবে আৱণ্টিত লাখ লাখ টকাৰ চাইকেল, ছ’লাৰ আৰু চিলাই মেচিনকে ধৰি বহু মূল্যৱান সামগ্ৰী বিগত তিনিটা বছৰ ধৰি কোনো অজ্ঞাত কাৰণত উন্নয়ন খণ্ডটোৰ গুদামতে জহি-খহি যোৱাৰ উপক্ৰম হোৱা ঘটনাই সৃষ্টি কৰিছে বহু ৰহস্যৰ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ ১১৪ নং গন্ধমৌ আৰু ৮৮নং শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত চৰঞ্চলৰ দৰিদ্ৰ ছাত্ৰী, আত্মসহায়ক গোট তথা অঞ্চলটোৰ দুখীয়া ৰাইজক প্ৰদান কৰিবলৈ শুৱালকুছি উন্নয়ন খণ্ডৰ গুদামত আজিও মজুত হৈ আছে ২০টাকৈ তাৰাপাম্প, ১৬৫খন চাইকেল, ৬৭ টা ছ’লাৰ লাইট, ৪০টা চিলাই মেচিন আৰু ২০০টা ছাতি।
কিন্তু কিয় আৰু কি কাৰণত ৰহস্যজনকভাৱে সামগ্ৰীসমূহ বিগত তিনিটা বছৰে হিতাধিকাৰীসকলৰ মাজত বিতৰণ নকৰি শুৱালকুছি উন্নয়ন খণ্ডৰ গুদামত পৰিত্যক্ত অৱস্থাতে পৰি থাকিল? বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলৰ নামত চৰকাৰে আবন্টন দিয়া চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ নকৰি কিয় যোৱা তিনিটা বছৰ ধৰি পেলাই থ'লে তাক লৈও চৰাঞ্চলৰ ৰাইজৰ মাজত এতিয়া উদয় হৈছে বহু প্ৰশ্নৰ।
গুদামত বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ পিছত ব্যৱহাৰৰ বাবে এই সামগ্ৰীসমূহ উপযুক্ত হৈ থাকিব নে নাই সেয়াও এতিয়া সন্দেহৰ আৱৰ্তত। বিষয়টো সন্দৰ্ভত জানিব বিচৰাত উন্নয়ন খণ্ডৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ হেমাহি আৰু গাফলতিৰ বাবে সামগ্ৰীসমূহ পৰি ৰৈছে উন্নয়নৰ খণ্ডৰ গুদামত।
গতিকে সমষ্টিৰ অভিভাৱক তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰেই শুৱালকুছি উন্নয়ন খণ্ডত পৰিত্যক্ত হৈ থকা সকলো সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে চৰ অঞ্চলৰ ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।