ডুমডুমাৰ দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যক নিশংসভাৱে হত্যা

News18 Assam | News18-Assam
Updated:September 13, 2020, 4:45 PM IST
ডুমডুমাৰ দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যক নিশংসভাৱে হত্যা
১০ ছেপ্টেম্বৰত দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য গান্ধী মুণ্ডাক ১৬–১৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি মুৰ্মূষু অৱস্থাত পেলাই থৈ যায়।

১০ ছেপ্টেম্বৰত দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য গান্ধী মুণ্ডাক ১৬–১৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি মুৰ্মূষু অৱস্থাত পেলাই থৈ যায়।

  • News18 Assam
  • Last Updated: September 13, 2020, 4:45 PM IST
  • Share this:
তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৈমুখীয়া গাঁও পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যক নিশংসভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি ডুমডুমা আৰক্ষী থানালৈ যোৱানিশা ওলাই আহিল শ শ পুৰুষ-মহিলা।

১০ ছেপ্টেম্বৰত দৈমুখীয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য গান্ধী মুণ্ডাক ১৬–১৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি মুৰ্মূষু অৱস্থাত পেলাই থৈ যায়। পৰৱৰ্তী সময়তে স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে ৱাৰ্ড সদস্য গান্ধী মুণ্ডাক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও শুকুৰবাৰে ৩০ বছৰীয়া গান্ধী মুণ্ডাৰ মৃত্যু হ'য়।

মৃত ৱাৰ্ড সদস্য গান্ধী মুণ্ডাৰ মৃতদেহ শনিবাৰে ডুমডুমাৰ ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অনা হ'য়। ডুমডুমা ৰাজীৱ ভৱনত শেষ শ্ৰধাঞ্জলি জনোৱাৰ অন্তত ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত নিশংস হত্যাৰ বলি হোৱা গান্ধী মুণ্ডাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড লৈ ডুমডুমা আৰক্ষী থানালৈকে এক সমদল বাহিৰ কৰে।

পৰৱৰ্তী সময়ত উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত কেবাটাও দাবীসম্বলিক এক স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ৬জন লোকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও হত্যাকাৰী দলটোৰ অন্য কেইটাক আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে, তাত্পৰ্যপূৰ্ণভাৱে ৱাৰ্ড সদস্য গান্ধী মুণ্ডাৰ হত্যাকাণ্ডৰ লগত এটা ছাত্ৰ সংগঠনৰ এগৰাকী নেতা জড়িত থকাৰ কথা ডুমডুমা সমষ্টিৰ বিধায়ক দূৰ্গা ভুমিজে সাংবাদিকৰ আগত উল্লেখ কৰে। অন্যহাতে উক্ত নেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ছাত্ৰ সংগঠনৰ হেঁচাত অভিযুক্তক মুকলি কৰি দিয়াৰ গুৰুতৰ অভিযোগ কৰে বিধায়ক দুৰ্গা ভূমিজে। জানিব পৰা মতে, বিচাকপিৰ ফটিকজানত থকা এটা বালি মহলক লৈ দুই ফৈদৰ মাজত হোৱা সংঘাতৰ ফলশ্ৰুতিতেই এই নিশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: September 13, 2020, 4:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading