বিধানসভাত বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বানৰ অখিল গগৈৰ , মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দলীয় বিধায়কে মাত্ৰ ২ মিনিটহে সময় পাব কথা ক'বলৈ।
বিধানসভাত বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বানৰ অখিল গগৈৰ , মুখ্যমন্ত্ৰীয়ে ক'লে- নিৰ্দলীয় বিধায়কে মাত্ৰ ২ মিনিটহে সময় পাব কথা ক'বলৈ।
তুংগত উঠিছে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাৰ বাক যুদ্ধ। বিধানসভাৰ মজিয়াত বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা অখিল গগৈয়ে বিধানসভাৰ অধিৱেশনত মাত্ৰ ২ মিনিটহে ভাষণ ৰাখিব পাৰিব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এজন নিৰ্দলীয় বিধায়কে বিধানসভাত মাত্ৰ ৩ মিনিটহে কথা ক'ব পাৰিব।
উল্লেখ্য যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমীয়া ভাষা ৰক্ষাত অৰিহণা যোগাইছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও মুখ্যমন্ত্ৰীয়ে পঢ়া-শুনা নকৰাকৈ এনে মন্তব্য কৰিছে বুলি তীব্ৰ সমালোচনা কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈও দাবী জনাইছিল। ইয়াৰ পিছতে অখিল গগৈ বিজেপি শিবিৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। শনিবাৰে মুখ্যমন্ত্ৰীয়ে নিজেও তুচ্ছ-তাচ্ছিল্য কৰে অখিল গগৈক।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আমি মাও চে তুং, লেনিনৰ লগত বিতৰ্ক নকৰোঁ। নিৰ্দলীয় বিধায়ক হিচাবে অখিল গগৈয়ে মাত্ৰ ২ মিনিটহে সময় পাব কথা ক'বলৈ। তাতকৈ বেছিকৈ কথা কোৱাৰ সুযোগ নাপাব, ক'লে কথাটো অগণতান্ত্ৰিক হ'ব। গণতন্ত্ৰক হাইজেক কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ আৰু কয় যে বিজেপিয়ে ৩ ঘণ্টা আৰু কংগ্ৰেছে ১ ঘণ্টা সময় পাব কথা ক'বলৈ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কৈছিল, "মুখ্যমন্ত্ৰীক ৭ দিনৰ সময় দি অসমীয়া ভাষা কোনে ৰক্ষা কৰিলে সেই বিষয়ে মোৰ লগত বিতৰ্ক কৰক, মুখ্যমন্ত্ৰীৰ যদি সাহস আছে মোৰ লগত বিতৰ্ক কৰক। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, বিধানসভাত তেওঁ মোৰ লগত বিতৰ্ক কৰক।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|