• Home
  • »
  • News
  • »
  • assam
  • »
  • ''বদৰুদ্দিন আজমলে ভগ্ন মাদ্ৰাছাত ৰাজনীতিৰ ৰুটী সেকিছে''- অসমৰ দুই সাংসদৰ মাজত লাগিছে বাকযুদ্ধ

''বদৰুদ্দিন আজমলে ভগ্ন মাদ্ৰাছাত ৰাজনীতিৰ ৰুটী সেকিছে''- অসমৰ দুই সাংসদৰ মাজত লাগিছে বাকযুদ্ধ

খালেকৰ কথাত উঠা–বহা নকৰে বুলি স্পষ্ট কৰি আজমলে ক'লে তেওঁ  তনজিম বোৰ্ড নেৰে।

খালেকৰ কথাত উঠা–বহা নকৰে বুলি স্পষ্ট কৰি আজমলে ক'লে তেওঁ  তনজিম বোৰ্ড নেৰে।

খালেকৰ কথাত উঠা–বহা নকৰে বুলি স্পষ্ট কৰি আজমলে ক'লে তেওঁ  তনজিম বোৰ্ড নেৰে।

  • Share this:
মাদ্ৰাছা প্ৰসংগক  লৈ অসমৰ দুই সাংসদৰ মাজত লাগিছে বাকযুদ্ধ ৷ সাংসদ বদৰুদ্দিন আজমলে শীঘ্ৰেই মাদ্ৰাছাৰ তনজিম বোৰ্ড ত্যাগ কৰিব লাগে দাবী তুলিছে সাংসদ আব্দুল খালেকে ৷ দাবী শুনি উভতি ধৰিছে সাংসদ বদৰুদ্দিন আজমলেও ৷

আজমলে ভগ্ন মাদ্ৰাছাত ৰাজনীতিৰ ৰুটী সেকিছে বুলি বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে মত ব্যক্ত কৰাৰ লগতে জেহাদীৰ ঘাটি হিচাপে পৰিগণিত হোৱাৰ অভিযোগেৰে ইখনৰ পিছত সিখন মাদ্ৰাছাত চৰকাৰী এস্কেভেটৰ, বুলড'জাৰ চলাৰ সময়তে তনজিম বোৰ্ডত ৰাজনীতিক ব্যক্তি কিয় থাকিব লাগে বুলি প্ৰশ্ন তুলি তনজিম বোৰ্ডৰ সভাপতি বদৰুদ্দিন আজমলৰ পদত্যাগ দাবী কৰে।

খালেকৰ স্পষ্ট মত ৰাজনীতিৰ বাহিৰত থকা কোনোবা উলেমাক দিব লাগে সভাপতিৰ দায়িত্ব ৷

খালেকৰ দাবী আৰু যুক্তি শুনি লগে লগে প্ৰত্যুত্তৰ দিয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজমলে কয় যে তেওঁ চৰুক সুধি চাউল নবহায়। খালেকৰ কথাত উঠা–বহা নকৰে বুলি স্পষ্ট কৰি আজমলে ক'লে তেওঁ  তনজিম বোৰ্ড নেৰে।

উল্লেখ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ডিজিপি ভাস্কৰ জ্যোতি মহন্তকো সমালোচনাৰে  থকাসৰকা কৰে খালেকে।  মাদ্ৰাছা প্ৰসংগত তেওঁ মাদ্ৰাছা শিক্ষাৰে শিক্ষিত হিন্দুৰো তালিকা এখন দাঙি ধৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি