உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৩২ বছৰে পুত্ৰৰ সন্ধানত হাবাথুৰি খাই ফুৰা এগৰাকী দুৰ্ভগীয়া মাতৃ, ১৯৯০ চনৰ অপাৰেচন ৰাইন'ৰ সময়ত সেনাই ধৰি নিছিল একমাত্ৰ পুত্ৰক

    ৩২ বছৰে পুত্ৰৰ সন্ধানত হাবাথুৰি খাই ফুৰা এগৰাকী দুৰ্ভগীয়া মাতৃ, ১৯৯০ চনৰ অপাৰেচন ৰাইন'ৰ সময়ত সেনাই ধৰি নিছিল একমাত্ৰ পুত্ৰক

    ১৯৯০ চনত অপাৰেচন ৰাইন'ৰ সময়তপুত্ৰ চন্দ্ৰ প্ৰকাশ বৰাক সেনাই ধৰি নিয়াৰ পাছত আজিলৈ পুত্ৰৰ মুখ নেদেখিলে দুৰ্ভগীয়া মাতৃ বিমলা বৰাই।

    ১৯৯০ চনত অপাৰেচন ৰাইন'ৰ সময়তপুত্ৰ চন্দ্ৰ প্ৰকাশ বৰাক সেনাই ধৰি নিয়াৰ পাছত আজিলৈ পুত্ৰৰ মুখ নেদেখিলে দুৰ্ভগীয়া মাতৃ বিমলা বৰাই।

    ১৯৯০ চনত অপাৰেচন ৰাইন'ৰ সময়তপুত্ৰ চন্দ্ৰ প্ৰকাশ বৰাক সেনাই ধৰি নিয়াৰ পাছত আজিলৈ পুত্ৰৰ মুখ নেদেখিলে দুৰ্ভগীয়া মাতৃ বিমলা বৰাই।

    • Share this:
    এগৰাকী অশীতিপৰ মাতৃ। নাম বিমলা বৰা। ঘৰ টীয়কৰ ডুলীয়া গাৱঁত। একালত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত স্বামী ভালিৰাম বৰা, এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানেৰে এইগৰাকী আইতাৰ আছিল এখন সুখৰ সংসাৰ। কিন্তু ১৯৯০ চনৰ সেনাৰ অপাৰেচন ৰাইন'ৰ অভিযানে কাল অমানিশা নমাই আনিলে পৰিয়ালটোলৈ। ভাঙি থানবান হ'ল এইগৰাকী আইতাৰ সুখৰ সংসাৰ।

    ১৯৯০ চনত আলফাৰ সন্ধানত গাঁৱে গাঁৱে সেনাৰ অভিযান চলিছিল। মানুহ বাহিৰলৈ ওলালেই সেনাই নিৰ্যাতন চলাই ঘূণীয়া কৰিছিল। তেনে সময়তে এইগৰাকী আইতাৰ কেলজত পঢ়ি থকা একমাত্ৰ পুত্ৰ চন্দ্ৰ প্ৰকাশ বৰাক আলফা সন্দেহত ১৯৯০ চনৰ ১৭ নৱেম্বৰত সেনাই ধৰি নিলে। তাৰ পাছত আজি পৰ্যন্ত পুত্ৰৰ মুখ নেদেখিলে দুৰ্ভগীয়া মাতৃগৰাকীয়ে।

    চন্দ্ৰপ্ৰকাশ বৰাৰ পিতৃয়ে বহুবাৰ সেনাৰ ওচৰত হাতযোৰ কৰি পুত্ৰৰ সন্ধান বিচাৰি বিমুখ হৈ কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। কিন্তু নাপালে সদুত্তৰ। পুত্ৰৰ শোকত মৰ্মাহত হৈ পিতৃ ভালিৰাম বৰাই ইতিমধ্যে বিদায় ল'লে ইহসংসাৰৰ পৰা। একমাত্ৰ কন্যাক লগত লৈ পুত্ৰ ঘূৰি অহাৰ অপেক্ষাত আছিল মাতৃ বিমলা বৰা। কিন্তু এমাহ পূৰ্বে কন্যাৰো মৃত্যু ঘটিল। এতিয়া এইগৰাকী আইতাই এটা ভাড়াঘৰত মাথোঁ নিৰৱে উচুপিছে। আশাৰে বাট চাই আছে একমাত্ৰ মৰমৰ পুত্ৰ ঘুৰি অহালৈ।

    বয়সে গৰকা আইতাগৰাকী  আজি তেনেই নিঠৰুৱা। মানৱতাৰ খাতিৰত কাষৰে এগৰাকী লোকে দুপৰীয়া-গধূলি আইতাক যোগান ধৰে ভাতমুঠি। এতিয়া প্ৰশ্ন হয় - এইগৰাকী দুখুনী মাতৃক এতিয়া বুজনি দিব কোনে? ৩২ বছৰে ন্যায়ৰ অপেক্ষাত দিন কটোৱা বিমলা আইতাই দেখিবলৈ পাবনে পুত্ৰৰ মুখখনি?
    Published by:Manjumoni Borah
    First published: