• Home
  • »
  • News
  • »
  • assam
  • »
  • আন্তঃজিলা যাতায়াত বন্ধ, তথাপি পাৰ হয় সুৰাভৰ্তি ৱাগনাৰ! এটা দুৰ্ঘটনাই আনিলে পোহৰলৈ

আন্তঃজিলা যাতায়াত বন্ধ, তথাপি পাৰ হয় সুৰাভৰ্তি ৱাগনাৰ! এটা দুৰ্ঘটনাই আনিলে পোহৰলৈ

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী মালেক আলীক ৰাইজে ভৰ্তি কৰাই চিকিৎসালয়ত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী মালেক আলীক ৰাইজে ভৰ্তি কৰাই চিকিৎসালয়ত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী মালেক আলীক ৰাইজে ভৰ্তি কৰাই চিকিৎসালয়ত।

  • Share this:

    ৰঙিয়াৰ দ্বাৰকুছিত সুৰাভৰ্তি Wagoner বাহনে খুন্দিয়ালে চাইকেল আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীগৰাকী।  ৰাইজৰ উপস্থিতি দেখি পলায়নৰ চেষ্টা চলাই দুৰ্ঘটনা সংঘটিত কৰা তুলসীবাৰী অভিমুখী AS 01 DF 1960 নম্বৰৰ Wagon r বাহনৰ চালকে ।


    ৰাইজে কৰায়ত্ত কৰে চাৰি চকীয়াবাহনসহ চালকক। কিন্তু চাৰিচকীয়া বাহনৰ ভিতৰভাগ দেখি হতবাক হয় ৰাইজ। বাহনখনত আছিলে কাৰ্টনে কাৰ্টনে বিলাতী সুৰা। লগে লগে আবদ্ধ কৰে অবৈধ সুৰাৰ গৰাকী তুলসীবাৰীৰ পৱিত্ৰ কলিতাক। ক'ভিড আতংকৰ মাজতে হাফ লকডাউনৰ সুযোগ বুজি বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা ৰঙিয়াৰ তুলসীবাৰীলৈ অবৈধভাৱে কঢ়িয়াই আনিছিল লক্ষাধিক টকা মূল্যৰ বিলাতী সুৰাখিনি ।


    ৰাইজে  গান্ধীবাৰী আৰক্ষীক খবৰ দিয়াৰ লগতে বিলাতী সুৰাভৰ্তি Wagon r বাহনসহ পৱিত্ৰ কলিতাক গতাই দিয়ে গান্ধীবাৰী আৰক্ষীক। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী মালেক আলীক ৰাইজে ভৰ্তি কৰাই চিকিৎসালয়ত। এতিয়া প্ৰশ্ন হ'ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ পিছতো কেনেদৰে এনে অবৈধ সুৰাৰ সৰবৰাহ চলি আছে ? আন্তঃজিলা যাতায়াত বন্ধ থকাৰ পিছতো কিদৰে এখন জিলাৰ পৰা আন এখন জিলালৈ আৰক্ষীৰ কটকটীয়া তালাচীৰ মাজেৰে এনেদৰে অবৈধ সুৰা কঢ়িয়াই লৈ গৈ আছে?

    Published by:Gautam Barman
    First published: