মুখ্যপৃষ্ঠা »খবৰ »অসম »Vreegu Kashyap : নিশা আঢ়ৈ বজাত খং উঠিল কণ্ঠশিল্পী ভৃগু কাশ্যপৰ, কৰি দিলে ফেচবুক লাইভ

Vreegu Kashyap : নিশা আঢ়ৈ বজাত খং উঠিল কণ্ঠশিল্পী ভৃগু কাশ্যপৰ, কৰি দিলে ফেচবুক লাইভ

নিশা কামৰ পৰা উভতি অহাৰ সময়ত নিজৰ ঘৰলৈ যোৱা বাইলেনত কোনো লোকে বালি দম কৰি থোৱাক লৈ খং উঠিল ভৃগু কাশ্যপৰ।

  • Share this:
নিশা প্ৰায় আঢ়ৈ বজাত খং উঠিল জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ। নিশা কামৰ পৰা ঘৰলৈ ওভতাৰ পথত ভীষণ সমস্যাৰ সন্মুখীন হয় কণ্ঠশিল্পীজন। আৰু ফেচবুক লাইভৰ জৰিয়তে কণ্ঠশিল্পীগৰাকীয়ে উজাৰিলে নিজৰ ক্ষোভ।

নিশা কামৰ পৰা উভতি অহাৰ সময়ত নিজৰ ঘৰলৈ যোৱা বাইলেনত কোনো লোকে বালি দম কৰি থোৱাক লৈ খং উঠিল ভৃগু কাশ্যপৰ। গাড়ীৰ হৰ্ণ বজোৱাৰ পিছতো কোনো লোকে সঁহাৰি নজনোৱাত ফেচবুকৰ জৰিয়তে নিজৰ ক্ষোভ উজাৰিলে ভৃগু কাশ্যপে।

ফেচবুক লাইভৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি ভৃগুৱে কয়, মহানগৰীৰ একাংশ লোকে আনৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। যাৰ ফলত আন লোকসকল ভীষণ সমস্যাত পৰিবলগীয়া হয়।

বহু সময় পিছত দুজন শ্ৰমিক আহি বালিৰ দমটো আঁতৰ কৰি দিয়ে। আৰু বালিৰ দমটো আঁতৰ নকৰালৈ সেই স্থানতে ৰৈ থাকিল কণ্ঠশিল্পীজন। শ্ৰমিক দুজনে বালিখিনি আঁতৰ কৰাত নিজৰ ঘৰলৈ ৰাওনা হয় ভৃগু।

শেহতীয়া বাতৰি