Opinion: সদ্যসমাপ্ত নিৰ্বাচনৰ ভোটদানৰ হাৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত কি ইংগিত প্ৰকাশ কৰিছে? এক বিশ্লেষণ

Nabajit Bhagawati | News18-Assam
Updated:April 8, 2021, 5:55 PM IST
Opinion: সদ্যসমাপ্ত নিৰ্বাচনৰ ভোটদানৰ হাৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত কি ইংগিত প্ৰকাশ কৰিছে? এক বিশ্লেষণ
২০১১চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫শতাংশ। ২০১৬চনত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ ওফৰাবলৈ ৰাজ্যৰ ৮৪.৭২শতাংশ লোকে ভোটদান কৰিছিল।

২০১১চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫শতাংশ। ২০১৬চনত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ ওফৰাবলৈ ৰাজ্যৰ ৮৪.৭২শতাংশ লোকে ভোটদান কৰিছিল।

  • Share this:
অসমবাসীয়ে এইবাৰ ব্যাপক হাৰত ভোট দিছে। তৎসত্বেও এইবাৰৰ ভোটদানৰ হাৰ ২০১৬চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত কিছু কম। পূৰ্বৰ নিৰ্বাচনসমূহৰ ভোটদানৰ হাৰলৈ চালে দেখা যায় যে ভোটদানৰ হাৰ বৃদ্ধি হ’লে সাধাৰণতে চৰকাৰ সলনি হয়। অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়। চৰকাৰৰ কাম–কাজত অসন্তুষ্ট হ’লে চৰকাৰ সলনিৰ বাবে ভোটদাতা অধিক হাৰত ভোট দিবলৈ ওলাই আহে। কিয়নো চৰকাৰৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজত অৱতীৰ্ণ হয় ভোটাৰসকল। কিন্তু চৰকাৰৰ কাম–কাম স্বাভাৱিক হৈ থাকিলে ভোটাৰসকলে মনৰ ভিতৰৰ পৰা সেই তাগিদা অনুভৱ নকৰে। ফলত ভোটদানৰ হাৰ বৃদ্ধি নহয়। বৰং বহুক্ষেত্ৰত হ্ৰাস হোৱাহে দেখা যায়।

এইবাৰ ৰাজ্যত ভোটদানৰ হাৰ হৈছে ৮২.০৪শতাংশ। ২০১৬চনত ভোটদানৰ হাৰ আছিল ৮৪.৭২শতাংশ। অৰ্থাৎ এইবাৰ ভোটদানৰ হাৰ ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনতকৈ সামান্য কম। তথাপি এই হাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ পিনৰ পৰা এই হাৰ কোনোপধ্যে নিৰুৎসাহজনক নহয়।

২০১৬চনত ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্টিত হৈছিল। এইবাৰ ৰাজ্যত তিনিটা পৰ্যায়ত হৈছে ভোটগ্ৰহণ। ২০১৬চনত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮২.২০শতাংশ। এই পৰ্যায়ত উজনি অসম, পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাৰ মুঠ ৬১টা সমষ্টি অন্তৰ্ভুক্ত হৈ আছিল। এইবাৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৭৯.৯৩শতাংশ । এই পৰ্যায়ত অন্তৰ্ভুক্ত হৈ আছে উজনি অসম। এইবাৰ পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাকে ধৰি মধ্য অসম অন্তৰ্ভুক্ত হৈ থকা দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৮০.৯৬ শতাংশ।

২০১৬চনত দ্বিতীয় তথা অন্তিম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৮৭.০৩শতাংশ। মুঠ ৬৫টা সমষ্টি অন্তৰ্ভুক্ত হৈ থকা দ্বিতীয় পৰ্যায়ে সামৰি লৈছিল মধ্য আৰু নামনি অসম। তাৰ বিপৰীতে এইবাৰ নামনি অসম অন্তৰ্ভুক্ত হৈ থকা তৃতীয় তথা পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৮৫.২০শতাংশ। ২০১৬চনৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত সৰ্বাধিক ৯৩.৫৩শতাংশ ভোটদান হৈছিল। তাৰ বিপৰীতে সৰ্বনিম্ন ৭৫.০৫শতাংশ ভোটদান হৈছিল শিলচৰ সমষ্টিত। এইবাৰো জলেশ্বৰ সমষ্টিত ৰাজ্যৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছে। সমষ্টিটোত ভোটদানৰ হাৰ ৯৩.৪৪শতাংশ। তাৰ বিপৰীতে পূব গুৱাহাটী সমষ্টিত এইবাৰ সৰ্বনিম্ন ৭১.১৪শতাংশ ভোটদান হৈছে। এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে ২০১১চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৬.০৫শতাংশ। ২০১৬চনত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ ওফৰাবলৈ ৰাজ্যৰ ৮৪.৭২শতাংশ লোকে ভোটদান কৰিছিল।

পৰিশেষত এটা কথা ক’ব পাৰি যে এইবাৰ স্থিতাৱস্থাৰ পৰিবৰ্তন হোৱাৰ আশা খুব ক্ষীণ। অৱশ্যে নিশ্চিত ফলাফল পাবলৈ ২ মে’৸লৈ অপেক্ষা কৰাৰ বাহিৰে
First published: April 8, 2021, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি