• Home
  • »
  • News
  • »
  • assam
  • »
  • এবছৰ পিছত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, কংগ্ৰেছে নহয়, কোনে কৰিলে এই বিস্ফোৰণ 

এবছৰ পিছত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, কংগ্ৰেছে নহয়, কোনে কৰিলে এই বিস্ফোৰণ 

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে পদত্যাগৰ দাবীত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে ধৰ্ণা, আন্দোলনৰ দিছে হুংকাৰ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে পদত্যাগৰ দাবীত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে ধৰ্ণা, আন্দোলনৰ দিছে হুংকাৰ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে পদত্যাগৰ দাবীত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে ধৰ্ণা, আন্দোলনৰ দিছে হুংকাৰ।

  • Share this:
    মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই এবছৰ পিছত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে । পদত্যাগ কৰি কোনো বড়ো লোকক মুখ্যমন্ত্ৰী পদৰ বাবে নিজেই নিৰ্বাচিত কৰিব লাগে । যদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে তেন্তে পদত্যাগৰ দাবীত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে (Voters Party International) ধৰ্ণা, আন্দোলনৰ দিছে হুংকাৰ।

    ৰঙিয়াৰ মিলনপুৰত ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্বনেল চমুকৈ VPIৰ পদাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সকীয়নী প্ৰদান কৰে আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে ।

    সভাত দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধী, মিডিয়া সচিব পবিত্ৰ বড়োৰ উপস্থিতিত পাঁচ বছৰত ৫ গৰাকী মুখ্যমন্ত্ৰী হব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্বনেলে । এবছৰত এগৰাকী বড়ো লোকক মুখ্যমন্ত্ৰী, এবছৰত এগৰাকী আদিবাসী লোকক মুখ্যমন্ত্ৰী, এবছৰত এগৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক মুখ্যমন্ত্ৰী, এবছৰত এগৰাকী সাধাৰণ শ্ৰেণীৰ লোকক আৰু এবছৰত এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি দাবী উত্থাপন কৰে । যদিহে এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকাল এবছৰ হয়, তেন্তে কোনো মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ দ্বাৰা অনুশাসন কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ।

    ইফালে উচ্ছেদৰ নামত ধলপুৰত এগৰাকী লোক আৰক্ষীৰ গুলীত নিহত হোৱা কাৰ্য আৰু উত্তৰ প্ৰদেশত কৃষক সকলৰ ওপৰত গাড়ী চলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বিজেপি দলৰ এনে অপশাসনৰ বিৰুদ্ধে উপ নিৰ্বাচনত চাৰিটা সমষ্টিৰ পৰা দলটোৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি মাজুলী, তামুলপুৰ , গোসাঁইগাঁও আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেলে ।
    Published by:Manjumoni Borah
    First published: