পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে উত্তৰ-পূব সিমান্ত ৰে'লৱেই আৰম্ভ কৰিছে নতুন অত্যাধুনিক ৰে'ল সেৱা ৷ উত্তৰ-পূবত আৰম্ভ হোৱাৰ দিশে ভিষ্টাডোম ৰে'ল সেৱা। অহা শনিবাৰে গুৱাহাটী ষ্টেচনৰ পৰা চলিব ভিষ্টাডোম ৰে'ল। পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এই বিশেষ ৰে'ল সেৱাৰ আৰম্ভণি কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই।
গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা শনিবাৰ আৰু বুধবাৰে পুৱা ৬.৩৫ বজাত হাফলঙলৈ যাত্ৰা আৰম্ভ কৰিব এই নতুন ৰে'লৰ জৰিয়তে। ভিষ্টাডোমে উভতনি যাত্ৰা আৰম্ভ কৰিব বিয়লি ৫ বজাত। আৰু গুৱহাটী ষ্টেচন পবহি নিশা ১১ বজাত। এই ৰে'লখনত থাকিব বহুখিনি সুবিধা।
![]()
অত্যাধুনিক গ্লাছৰ খিৰিকি, ৰে'লখনৰ মুধচো সুসজ্জিত কৰা হৈছে। মুকলি আকাশ, পাহাৰ,পৰ্বত, সেতু, সুৰংগ, সেউজ অৰণ্যৰ মাজেৰে যাত্ৰাপথ উপভোগ কৰি যাব পাৰিব যাত্ৰীসকলে।
WiFi, cctv, অত্যাধুনিক প্ৰস্ৰাৱগাৰ, ডিজিটেল ডিচপ্লেৰ লগতে যাত্ৰীসকলৰ বাবে বিনোদনৰো ব্যৱস্থা ৰখা হৈছে ভিষ্টাডোমত ৷ জাতিংগা উপত্যকা, মাইবং, হাফলঙৰ বিভিন্ন পাহাৰৰ মাজেৰে যাত্ৰা কৰিব এই ভিষ্টাডোম ৷ ভিষ্টাডোমৰ ভাড়া ৱানৱেত ১,১৩০ টকা হ'ব আৰু ৰে'ল ষ্টেচনৰ টিকট কাউণ্টাৰত অগ্ৰিম বুকিং কৰিব পাৰিব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|