• Home
  • »
  • News
  • »
  • assam
  • »
  • উপভোগ কৰক আপোনাৰ যাত্ৰা! গুৱাহাটীৰ পৰা হাফলঙলৈ চলিল 'ভিষ্টাড'ম' ৰে'ল, হাফলঙৰ এইসমূহ পৰ্যটনস্থলীলৈ গৈছেনে?

উপভোগ কৰক আপোনাৰ যাত্ৰা! গুৱাহাটীৰ পৰা হাফলঙলৈ চলিল 'ভিষ্টাড'ম' ৰে'ল, হাফলঙৰ এইসমূহ পৰ্যটনস্থলীলৈ গৈছেনে?

৩৬০ ডিগ্ৰী দৃষ্টিকোণেৰে পৰ্যটকে উপভোগ কৰিব পাৰিব মায়াময় প্ৰকৃতিৰ ৰাণী ডিমা-হাচাওৰ সৌন্দৰ্য!

৩৬০ ডিগ্ৰী দৃষ্টিকোণেৰে পৰ্যটকে উপভোগ কৰিব পাৰিব মায়াময় প্ৰকৃতিৰ ৰাণী ডিমা-হাচাওৰ সৌন্দৰ্য!

৩৬০ ডিগ্ৰী দৃষ্টিকোণেৰে পৰ্যটকে উপভোগ কৰিব পাৰিব মায়াময় প্ৰকৃতিৰ ৰাণী ডিমা-হাচাওৰ সৌন্দৰ্য!

  • Share this:
অসমৰ পৰ্যটনৰ পৰিকাঠামো অধিক সুদৃঢ় কৰিবলৈ ভাৰতীয় ৰে'ল সেৱা বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে সংযোজন ঘটাইছে ভিষ্টাড'ম ৰে'ল সেৱাৰ ৷ শনিবাৰে পুৱা গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ৬ বাজি ৩৫মিনিটত ৰাওনা হ'ল হাফলঙলৈ বুলি ০৫৮৮৮নম্বৰৰ ভিষ্টাড'ম ৰে'ল খন ৷

২৬৯ কিলোমিটাৰ দূৰত্বত থকা হাফলং ষ্টেচন পাবলৈ অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ ৰে'লখনে সময় ল'ব প্ৰায় ৫ঘণ্টা ৷ যাত্ৰাৰ সময়ছোৱাত মাইবং আৰু মান্দেৰদিছাত ৰ'বলগীয়া ৰে'লখনত আছে Wi Fi, CCTV আৰু ফায়াৰ এলাৰ্ম ৷ পাহাৰীয়া জিলাখনলৈ যোৱাৰ সময়ত প্ৰত্যেক গৰাকী পৰ্যটকে প্ৰকৃতিক নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ব্যৱস্থা আছে পৰ্যবেক্ষণ আসনৰো ৷

ৰে'লখনৰ ওপৰ ভাগৰ লগতে কাষৰ সকলো দেৱাল কাঁছৰে নিৰ্মিত হোৱা হেতুকে পাহাৰ,নদী সকলো হেঁপাহ নপলোৱাকৈ চাই যাব পাৰিব পৰ্যটকে ৷ উত্তৰ পূবত প্ৰথমবাৰলৈ চলা এই ভিষ্টাড'মক লৈ আশাবাদী ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰা ৷ শনিবাৰে এই বিশেষ ৰে'লখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰি এইদৰে কয় মন্ত্ৰী গৰাকীয়ে, "এইখন অসমত সকলো আছে ৷ প্ৰকৃতিয়ে আমাক সকলো দিছে ৷ প্ৰকৃতিৰ ৰাণী ডিমা হাচাও অসমৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত অন্যতম ৷ পৰ্যটক যাব, কিন্তু পৰ্যটকক আদৰাৰ পৰিৱেশ এটা থাকিব লাগিব হাফলঙত ৷ হাফলংবাসীয়ে অতিথি দেৱা ভৱ বাক্যশাৰী সৰোগত কৰি আদৰি ল'ব লাগিব পৰ্যটকসকলক ৷ দুৰ্বৃত্তই গুলীচালনা আৰু ট্ৰাক জ্বলাই দিয়াৰ দৰে একোটা নেতিবাচক ঘটনাই বহু ইতিবাচক কথাৰ তল পেলাই দিয়ে ৷ বৃহস্পতিবাৰে ঘটা ঘটনাটোৱে ভিষ্টা ড'ম ৰে'ল সেৱাৰ এই ইতিবাচক যাত্ৰাত অলপ হলেও প্ৰভাৱ পেলালে ৷ ভৱিষ্যতে এনে নহওক ৷ শান্তিয়েহে প্ৰগতি আনিব, পৰ্যটনে পাব শান্তিৰ মাজতে বিশেষ মাত্ৰা ৷"

শনিবাৰে নিউ জলপাইগুৰিৰ পৰা আলিপুৰ দুৱাৰলৈও চলিল ভিষ্টাড'ম ৷ একেটা দিনতে অসম আৰু পশ্চিমবংগত চলা এই ৰে'ল সেৱাৰ মূল উদ্দেশ্যই হৈছে পৰ্যটনক এক গতি দিয়া। গুৱাহাটীৰ পৰা হাফলঙলৈ পুৱাৰ ভাগত চলা ৰে'ল বিয়লি ৫বজাৰ পিছত উভতি আহিব গুৱাহাটীলৈ ৷ প্ৰথমাৱস্থাত বুধবাৰ আৰু শনিবাৰে সপ্তাহত দুবাৰকৈ চলিব ভিষ্টা ড'ম ৷
বিমল বৰাই ফ্লেগ অফ কৰা ভিষ্টা ড'ম যাত্ৰাৰ অনুষ্ঠানত উপস্থিত থকা গুৱাহাটীৰ সাংসদ কুইন ওজাই ৰে'ল পৰিবহণৰ দিশত সংসদৰ মজিয়াত উত্থাপন কৰি উত্তৰ পূবত ৰে'লৰ সংখ্যা বৃদ্ধিৰ আশ্বাস দিয়ে ৷

ইফালে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা অনুষ্ঠানত উপস্থিত থাকি ৰে'ল যাত্ৰীক উদ্দেশ্যি ক'লে এইদৰে, "আমি নিজক সলনি কৰিব লাগিব ৷ বাহিৰৰ দেশবোৰৰ ৰে'লবোৰৰ পৰিস্কাৰ পৰিচ্চনতাৰ পৰা আমি শিকিব লাগিব ৷ ৰে'লখনত সকলো সুবিধা দিয়া হৈছে, যাত্ৰীৰ দায়িত্ব হ'ব ৰে'লখনক নিজৰ বুলি ভাবি পৰিস্কাৰ কৰি ৰখা৷"

পৰ্যটকক কিদৰে আকৰ্ষিত কৰে হাফলঙে?

হাফলঙৰ ওচৰে পাজৰে ভ্ৰমণ কৰিবলগীয়া কেইবাখনো ঠাই আছে। ইয়াৰ ভিতৰত –
হাফলং হ্ৰদ : প্ৰাকৃতিক এই হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয়। বিশেষকৈ বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকসকল ইয়ালৈ আহে।
বৰাই হিলত পৰ্বতাৰোহণ : বৰাইল ৰেঞ্জত অৱস্থিত অসমৰ দ্বিতীয় উচ্চতম পাহাৰ বৰাই হিলৰ পৰা প্ৰকৃতিৰ অনুপম দৃশ্যৰাজি উপভোগ কৰিব পাৰি।
ফিয়াংপুই গীৰ্জা : হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা।
জাতিংগা উপত্যকা : হাফলং নগৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন সৰু গাঁও জাতিংগা। ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ ৰহস্যৰ বাবে বিখ্যাত এই অঞ্চলটো এটা চৰ্চাৰ কেন্দ্ৰ।
মাইবং : ১৬ শ শতিকাৰ ডিমাচা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ডিমাচা ৰাজবংশৰ ৰাজধানী হিচাবে জনাজাত এই ঠাইত বহু ভগ্নাৱশেষ দেখা পোৱা যায়।
Published by:Himangshu Bhuyan
First published: